Assam Rhino killing incident: আকৌ গঁড়ৰ চোৰাং চিকাৰ; বাগৰিত খৰ্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ

By

Published : Mar 27, 2023, 1:25 PM IST

thumbnail

কলিয়াবৰ, 27 মাৰ্চ : 2022 বৰ্ষত শূন্য গঁড় হত্যাৰ অভিলেখ ৰচনাৰ পিচত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত সংঘটিত হৈছে এই বছৰৰ প্রথমটো গঁড় হত্যাৰ ঘটনা (Assam Rhino killing incident) ৷ এটা গঁড় হত্যা কৰি খৰ্গ কাটি লৈ উধাও হ’ল চোৰাং চিকাৰী । ৰাষ্ট্রীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ কাঠপৰা শিবিৰৰ অন্তৰ্গত বৰমা বিলত এই খৰ্গহীন গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰে বন বিভাগে (Rhino killed in bagori forest area) ।

প্ৰায় ৪/৫ দিন পূৰ্বে চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ কৰিছে বন-বিভাগে (Rhino killed in Assam) । দেওবাৰে দিনৰ ভাগত বন-বিভাগে উদ্ধাৰ কৰে খৰ্গবিহীন গঁড়টোৰ মৃতদেহ (Rhino Found dead at KNP Bagori Kaliabor) । গঁড় হত্যাৰ খবৰ পায়েই বন বিভাগ, আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হয় ৷ এই তথ্য জানিবলৈ দিয়ে জিলা বন বিষয়া ৰমেশ কুমাৰ গগৈয়ে ।

উল্লেখ্য যে, এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত অসমত মাত্ৰ এবছৰ আগলৈকে চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল বহু গঁড় ৷ এক তথ্য অনুসৰি 2000 চনৰ পৰা 2021 চনলৈকে অসমত প্ৰায় 190 টা গঁড় হত্যা কৰা হৈছিল ৷ ইয়াৰে সৰহ সংখ্যক গঁড়েই হত্যাৰ বলি হৈছিল কাজিৰঙাত ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত গঁড়ৰ খৰ্গৰ চাহিদা অধিক বুলি থকা এক প্ৰচাৰৰ গইনা লৈয়েই চোৰাং চিকাৰীয়ে হত্যা কৰিছিল গঁড়সমূহ (One horn rhino killing in Assam) ৷ 

বিগত বৰ্ষত অসম চৰকাৰে গঁড়ৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে গঁড়ৰ খৰ্গৰ যে তেনে কোনো বজাৰ মূল্য নাই সেই বিষয়ে সজাগতা অনাৰ প্ৰয়াৰ চলাইছিল ৷ ৰাজ্যৰ বিভিন্ন কোষাগাৰত থকা বহুসংখ্যক এনে খৰ্গ বোকাখাতত ৰাজহুৱাকৈ দাহ কৰিছিল চৰকাৰে ৷ তাৰ পাচতেই 2022 চনত এটাও গঁড়ৰ চোৰাং চিকাৰীৰ হাতত মৃত্যু হোৱা নাছিল অসমত ৷ এতিয়া পুনৰ চোৰাং চিকাৰী নামিছে গঁড় চিকাৰত ৷ 

লগতে পঢ়ক : Illegal Land excavation: বনবিভাগৰ চকুৰ সমুখতে চন্দ্ৰপুৰত ব্ৰহ্মপুত্ৰৰ পাৰত চলিছে অবৈধ খনন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.