ETV Bharat / state

Illegal Land excavation: বনবিভাগৰ চকুৰ সমুখতে চন্দ্ৰপুৰত ব্ৰহ্মপুত্ৰৰ পাৰত চলিছে অবৈধ খনন

author img

By

Published : Mar 27, 2023, 9:49 AM IST

চন্দ্ৰপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অবাধে চলিছে মাটি খনন ৷ বনবিভাগৰ চকুৰ সমুখতেই এটা চক্ৰই চলাই গৈছে এই অবৈধ খনন ৷ বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰি এই ব্যৱসায় চলাই অহাৰ অভিযোগ (Illegal Land excavation) ৷

Illegal Land excavation
চন্দ্ৰপুৰত ব্ৰহ্মপুত্ৰৰ পাৰত চলিছে অবৈধ খনন

চন্দ্ৰপুৰত ব্ৰহ্মপুত্ৰৰ পাৰত চলিছে অবৈধ খনন

গুৱাহাটী, 27 মাৰ্চ: মহানগৰীৰ চন্দ্ৰপুৰ অঞ্চলত বন বিভাগৰ ছত্ৰ ছাঁয়াত এচাম দুষ্ট চক্ৰই অবৈধভাৱে নদীৰ পাৰ কান্দি মাটিৰ বেহা চলোৱাৰ অভিযোগ । বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰি দুষ্ট চক্ৰটোৱে নিতৌ ব্ৰহ্মপুত্ৰৰ মাটি খান্দি ডাম্পাৰত বোজাই কৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায় । বিশেষকৈ দুষ্ট চক্ৰটোৱে চন্দ্ৰপুৰৰ খাংকৰ, দোমপাৰা আৰু বোন্দাৰ চাপাইদাং অঞ্চলত বন বিভাগ আৰু আৰক্ষীক মোটা অংকৰ বিনিময়ত মেনেজ কৰি দিনে নিশাই ব্ৰহ্মপুত্ৰ নৈৰ বুকুত খনন কাৰ্য অব্যাহত ৰাখিছে (Illegal Land excavation)।

কেৱল নিশাই নহয় দিনৰ পোহৰটো ফকলেনৰ সহায়ত নাৰেংগী খণ্ড বন কাৰ্যালয়ৰ অধীনৰ চাপাইদাঙৰ ৰাজবাৰীত তিনিটা স্থানত ব্ৰহ্মপুত্ৰ নদীৰ পাৰ খন্দাৰ লগতে চন্দ্ৰপুৰ খণ্ড বন বিষয়াৰ কাৰ্যলয়ৰ অধীন খাংকৰ আৰু দোমপাৰাত অবাধ গতিত চলায় গৈছে খনন কাৰ্য । চন্দ্ৰপুৰ আৰু নাৰেংগী খণ্ড বন বিষয়াক মেনেজ কৰি দুষ্ট চক্ৰটোৱে ব্ৰহ্মপুত্ৰৰ মাটি কাটি শ শ ডাম্পাৰত অতিৰিক্তভাৱে মাটি কঢ়িয়াই গুৱাহাটীৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি থকাৰ অভিযোগ উঠিছে (Land excavation near River Brahmaputra) ৷

লগতে পঢ়ক: Third degree torture: চুৰিৰ প্ৰমাণ উলিয়াব নোৱাৰি যুৱকক কোবাই কোবাই চিকিৎসাধীন কৰিলে বশিষ্ঠ আৰক্ষীয়ে

ইয়াৰ পিচতো কিন্তু আৰক্ষী তথা বন বিভাগে চকু মুদা কুলিৰ ভাও জোৰা পৰিলক্ষিত হৈছে । মন কৰিবলগীয়া কথা যে, চন্দ্ৰপুৰ অঞ্চলটোৰ বিভিন্ন এলেকাত আজিও অব্যাহত আছে ব্ৰহ্মপুত্ৰ নৈৰ গৰাখনীয়া । যাৰ পৰিপ্ৰেক্ষিততে পানীখাইতিত প্রায় ১৫ কোটি টকা ব্যয় সাপেক্ষে খহনীয়া ৰোধৰ বাবে জিঅ’ বেগ স্থাপনৰ কাম তীব্ৰ গতিত চলি আছে ৷ তেনে সময়তে দুষ্ট চক্ৰটোৱে অবাধগতিত ব্ৰহ্মপুত্ৰ নৈৰ কাষত খনন চলাই অহাৰ পিচতো বনবিভাগৰ ৰহস্যজনক মৌনতাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে (Guwahati Land excavation) ।

উল্লেখ্য যে, কেৱল চন্দ্ৰপুৰতেই নহয় ৰাজ্যৰ আন কেইবাটাও স্থানত এইদৰে একাংশ দালালে নৈৰ পাৰত খনন চলাই অবাধে মাটি বিক্ৰী কৰি অহাৰ খবৰে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ কিন্তু এইসকলোবোৰলৈ যেন ভ্ৰূক্ষেপ নাই বিয়াগোম বন বিভাগৰ ৷ নৈৰ পাৰত এনেদৰে চলোৱা খননৰ ফলত সৃষ্টি হ’বলৈ ধৰিছে তীব্ৰ গৰাখহনীয়া ৷ যাৰ ফলত বিপৰ্যস্ত হৈ পৰিছে নৈপৰীয়া ৰাইজৰ জীৱন (Land excavation in river bank) ৷

লগতে পঢ়ক: Complaint against KKSHOU Registrar: বয়সৰ দেওনা গৰকিলেও নলৰে গাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.