আজিৰ প্ৰজন্মক নিজৰ সংস্কৃতিৰ সৈতে চিনাকি কৰাই দিয়াৰ দায়িত্ব পিতৃ-মাতৃৰ: প্ৰস্তুতি পৰাশৰ

By

Published : Apr 2, 2022, 7:26 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰৰ পৰা ১০ দিনীয়াকৈ কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে (Bihu dance and dhol worksop in assam) । শুকুৰবাৰে কৰ্মশালাত উপস্থিত হয় অসমীয়া বোলছবি তথা ভ্ৰাম‍্যমান জগতৰ বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ । অসমীয়া জন-জীৱনত বাপতি সাহোন ৰঙালী বিহু এক অপৰিহাৰ্য‍্য অংগ হোৱা লগতে বিহু নাচ আমাৰ আপুৰুগীয়া সম্পদ বুলি মন্তব‍্য কৰে অভিনেত্ৰীগৰাকীয়ে (Prastuti Porasor attends bihu workshop at Kaliabor) । বিহু নাচ শিকিবলৈ অহা কণ-কণ শিশুসকলক দেখি উৎফুল্লিত হৈ পৰে প্ৰস্তুতি পৰাশৰ । শিশুসকলৰ আগ্ৰহ আৰু অভিভাৱকসকলৰ গুৰুত্ব প্ৰদানে বিহু সংস্কৃতিৰ উত্তৰণত সহায় কৰিব বুলি মন্তব‍্য কৰে তেওঁ। ক’ভিডে কোঙা কৰা দুবছৰৰ পাছত অসমৰ সাংস্কৃতিক জগতখনলৈ দৰ্শকৰ লগতে কৰ্মকৰ্তাই আশাৰ ৰেঙণি কঢ়িয়াই অনাত আনন্দ প্ৰকাশ কৰে ভ্ৰাম‍্যমান নাট‍্য দল আৱাহন থিয়েটাৰৰ অন‍্যতম প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে । নাটকৰ জগতখন পুনৰ সজীৱ হৈ পৰাত ভ্ৰাম‍্যমান থিয়েটাৰৰ লগত জড়িত সকলোৱে সকাহ অনুভৱ কৰিছে ।

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.