১০ মে’ৰ ভিতৰত ১ লাখ নিবনুৱাক নিযুক্তি দিয়ক : অখিল গগৈ

By

Published : Mar 12, 2022, 11:29 AM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

নিৰ্বাচনৰ সময়ত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ২০২২ চনৰ ১০ মে’ৰ ভিতৰত ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ (One lakh job assurance by Assam Govt) দাবী তুলি শুকুৰবাৰে মহানগৰীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজৰ দলে । শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে (Akhil Gogoi protest at guwahati) প্ৰতিবাদস্থলীৰ পৰা চৰকাৰখনক পূৰ্বে দিয়া অনুসৰি নিজৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে আহ্বান জনায় ৷ তেওঁলোকে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে । চৰকাৰে এক লাখ নিবনুৱাক চাকৰি নিদিয়া পৰ্যন্ত ৰাইজৰ দলে আন্দোলনৰ কাৰ্যসূচী চলাই যাব বুলি স্মাৰকপত্ৰত উল্লেখ কৰা হয় ।

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.