Wild elephant menace: বিহালীত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Dec 23, 2022, 7:27 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

ৰাজ্যজুৰি অব্যাহত হাতী মানুহৰ সংঘাত । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ বিহালীতো প্ৰতিদিনেই বন্যহস্তীয়ে চলাই গৈছে উপদ্ৰৱ(Wild elephant menace in Assam) । বিগত কেইবাদিনো ধৰি বিহালীৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে (Wild elephant scare at Bihali) । বুধবাৰে পুৱতি নিশাও মোনাবাৰীৰ বিহপুখুৰী বস্তিত বনৰীয়া হাতীৰ এটা জাকে প্ৰৱেশ কৰি ১০ টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে পাকঘৰত থকা আটা, চাউল আৰু ভাত আদি অনিষ্ট কৰে ৷ হাতীৰ উপদ্ৰৱত নিশা বস্তি এৰি নিৰাপদ স্থানত আশ্ৰয় লবলৈ বাধ্য হয় স্থানীয় ৰাইজ ৷ উল্লেখ্য যে ৫০-৬০ টা হাতীৰ এটা দলে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে বিহালীৰ বিভিন্ন অঞ্চলত ৷ পথাৰৰ ধান খাই তহিলং কৰা হাতীৰ জাকটোৰ এতিয়া লক্ষ্য হৈ পৰিছে পাকঘৰৰ খাদ্য সামগ্ৰী ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.