Mysterious death case: কুঁৱাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

By

Published : Feb 10, 2023, 5:42 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

গুৱাহাটী,১০ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীৰ বামুণীমৈদাম ৰে'লৱে কলনীৰ ৰে'ল ক্ৰছিঙৰ সমীপত থকা এটা কুঁৱাত এটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (unknown body recovered at Bamunimoidam Guwahati) । স্থানীয় একাংশ লোকে মৃত লোকজনক কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি মৃতদেহ লুকুওৱাৰ উদ্দেশ্যে কুঁৱাত পেলাই দিয়া বুলি সন্দেহ কৰিছে (body recovered from well at guwahati) । 

আনহাতে, ইয়াৰ বিপৰীতে আকৌ আন একাংশই লোকজনৰ কেনেবাকৈ ভৰি পিছলি কুঁৱাত পৰি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । অৱশ্যে মৃত লোকজনৰ শৰীৰত কোনো আঘাতৰ চিন পৰিলক্ষিত হোৱা নাই (mysterious death case in guwahati) । স্থানীয় লোকে জানিবলৈ দিয়া মতে, শুকুৰবাৰে দিনৰ প্ৰায় ১২ বজাত ৰে'লৱে কলনী ৰে'ল ক্ৰছিঙৰ গে'টৰ সমীপত থকা কুঁৱাটোৰ ভিতৰত তলমুৱাকৈ এজন লোক পৰি থকাটো কেইজনমান লোকে প্ৰত্যক্ষ কৰে । 

পিচত লোককেইজনে ঘটনাটো সন্দৰ্ভত চানমাৰি আৰক্ষীক খবৰ দিয়ে । ইফালে খবৰ পোৱাৰ কিছু সময়ৰ পিচতেই ঘটনাস্থলীত চানমাৰি আৰক্ষী থানাৰ আৰক্ষী গৈ উপস্থিত হয় । তাৰ পিছত স্থানীয় লোকৰ সহযোগত মৃতদেহটো উদ্ধাৰৰ চেষ্টা চলাই যদিও কুঁৱাটোৰ পৰা লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম নহয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত এছ ডি আৰ অফ বাহিনীৰ লোক উপস্থিত হৈ প্ৰায় ৪০ ফুট দ কুঁৱাটোৰ ভিতৰৰ পৰা অচিনাক্ত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । 

অৱশ্যে বাতৰি লিখাৰ পৰলৈকে মৃত লোকজনৰ প্ৰকৃত পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । কিন্তু স্থানীয় একাংশ লোকে মৃত লোকজন যোগেন নামৰ কাঠমিস্ত্ৰী বুলি জানিবলৈ দিছে । ইফালে আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । জানিব পৰা মতে, চানমাৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: BTC Accord Day: প্ৰমোদ বড়ো বেপাৰী: হাগ্ৰামা মহিলাৰী

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.