ETV Bharat / state

BTC Accord Day: প্ৰমোদ বড়ো বেপাৰী: হাগ্ৰামা মহিলাৰী

author img

By

Published : Feb 10, 2023, 4:59 PM IST

কোকৰাঝাৰত ২১ সংখ্যক বিটিচি চুক্তি দিৱস উদযাপন (BTC accords day observed in Kokrajhar) । কোকৰাঝাৰ আৰু মঙলদৈ লোকসভা সমষ্টিত বিপিএফে নিজাববীয়া প্ৰাৰ্থী দিব । ঘোষণা হাগ্ৰামা মহিলাৰীৰ । প্ৰমোদ বড়ো বেপাৰী মানুহ বুলি কটাক্ষ হাগ্ৰামাৰ ৷ ৰাজনীতিত সম্পৰ্কবোৰ আজি আছে কালি নাই, হিমন্তৰ লগত ব্যক্তিগতভাৱে ভাল বুলিও মন্তব্য হাগ্ৰামাৰ ।

Kokrajhar
Kokrajhar

কোকৰাঝাৰত বিটিচি চুক্তি দিৱস পালন

কোকৰাঝাৰ, ১০ ফেব্ৰুৱাৰী : ২০০৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল ঐতিহাসিক বিটিচি চুক্তি (BTC accords 2003) । সেই উপলক্ষে কোকৰাঝাৰত শুকুৰবাৰে বিপিএফ দলৰ উদ্যোগত পালন কৰা হয় ২১ সংখ্যক বিটিচি চুক্তি দিৱস (21st BTC accords day observed in Kokrajhar) । কোকৰাঝাৰত ২১ সংখ্যক বিটিচি চুক্তি দিৱস উদযাপন কাৰ্যসূচীত অংশ লৈ বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ৰ প্ৰাংগণত থকা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দেৱৰগাঁৱৰ শ্বহীদ উদ্যানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি শ্বহীদ উদ্যানখনত থকা শ্বহীদৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (BPF observed BTC accord day) ।

ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে বিটিচি চুক্তি পালন কৰাটো সাংবিধানিক দায়িত্ব বুলি মন্তব্য কৰে (Hagrama Mahilary at BTC accord day programme) । আনহাতে, প্ৰমোদ বড়োৰ সমালোচনাত মুখৰ হৈ মহিলাৰীয়ে কয় যে প্ৰমোদ বড়োৱে চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছে আৰু চৰকাৰী হিচাপ পৰীক্ষণত সেয়া ধৰা পৰিব । ইফালে কোকৰাঝাৰ আৰু মঙলদৈ লোকসভা সমষ্টিত বিপিএফে নিজাববীয়াকৈ প্ৰাৰ্থী দিব বুলি ঘোষণা কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিপিএফ পূৰ্বতকৈ বেছি শক্তিশালী হৈছে । হিমন্ত বিশ্ব শৰ্মাৰ লগত ব্যক্তিগতভাৱে ভাল সম্পৰ্ক যদিও ৰাজনীতিত বেলেগ বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে ৰাজনীতিত সম্পৰ্কবোৰ আজি আছে কালি নাই ।

লগতে তেওঁ এই সম্পৰ্ক চিৰস্থায়ী নহয় বুলিও মন্তব্য কৰে । উল্লেখ্য, আৰএছএছৰ শৰণাপন্ন হোৱা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে আৰএছএছৰ লগত তেওঁৰ পূৰ্বৰে পৰাই সম্পৰ্ক আছে । তেওঁ কেৱল সৌজন্যতামূলভাৱে সাক্ষাৎ কৰিবলৈহে গৈছিল বুলি মন্তব্য কৰি তেওঁ বিজেপিলৈ যোৱা মানুহ নহয় বুলি স্পষ্ট কৰি দিয়ে । আনহাতে, বিপিএফৰ আমোলত বিয়াগোম দুৰ্নীতিৰ অভিযোগক লৈ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে প্ৰমোদ বড়ো হৈছে বেপাৰী মানুহ । প্ৰমোদ বড়োৱে যি লাখ লাখ টকা দৰমহা দি ব্যক্তিগত খণ্ডৰ কোম্পানীৰ দ্বাৰা হিচাপ পৰীক্ষা কৰাইছে সেয়া বৈধ নহয় ।

বিপিএফৰ আমোলত কোনো বিত্তীয় খেলিমেলি হোৱা নাই আৰু সেয়া একাউণ্টটেণ্ট জেনেৰেলৰ অডিটত স্পষ্ট ৷ কিন্তু প্ৰমোদ বড়োৱে চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছে আৰু সেয়ে চৰকাৰী অডিটত প্ৰমোদ বড়ো চৰকাৰৰ খেলিমেলি ধৰা পৰিব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । আনহাতে, চিৰাঙত চলি থকা উচ্ছেদৰ বিষয়ে প্ৰমোদ বড়োৱেহে ভালদৰে জানে বুলি মন্তব্য কৰি মহিলাৰীয়ে কয় যে প্ৰমোদ বড়োৱেহে হাইকোৰ্টত জনাইছে । কোকৰাঝাৰ, চিৰাঙত ক'ত জংঘল আছে, নদী, পাহাৰ আছে সেয়া দিছপুৰ, হাইকোৰ্টে নাজানে আৰু সেইবোৰ প্ৰমোদ বড়োৱে জনোৱাৰ বাবেই হাইকোৰ্টে নিৰ্দেশ দিয়া বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ।

উল্লেখ্য যে বহুদিনৰ বিৰতিৰ পিছত শুকুৰবাৰে চিৰাং জিলাৰ কাজলগাঁৱত বিপিএফৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব । কাৰ্যনিৰ্বাহক সভাত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । প্ৰণিধানযোগ্য যে বহুদিন বিৰতিৰ পিছত হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে ৰাজহুৱাভাৱে অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু বিপিএফৰ নেতা-কৰ্মী-সমৰ্থকসকলক অতি সপ্ৰতিভ ৰূপত দেখা যায় । এই অনুষ্ঠানত বিপিএফৰ দলীয় নেতা-কৰ্মীৰ লগতে বিধায়ক ৰবিৰাম নাৰ্জাৰী, প্ৰাক্তন মন্ত্ৰী তথা বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, পাৰিষদ দনেশ্বৰ গয়াৰী, প্ৰকাশ বসুমতাৰী, বিৰোধী দলপতি তথা পাৰিষদ দেৰহাছাৎ বসুমতাৰী প্ৰমুখ্যে বহু ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক :Six phone numbers of Assam Police: উৎকোচৰ বিৰুদ্ধে অভিযোগ দিবলৈ অসম আৰক্ষীৰ ছটাকৈ ফোন নম্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.