ETV Bharat / state

Six phone numbers of Assam Police: উৎকোচৰ বিৰুদ্ধে অভিযোগ দিবলৈ অসম আৰক্ষীৰ ছটাকৈ ফোন নম্বৰ

author img

By

Published : Feb 10, 2023, 3:20 PM IST

Etv BharatSix phone numbers of Assam Police
উৎকোচৰ বিৰুদ্ধে অভিযোগ দিবলৈ অসম আৰক্ষীৰ ছটাকৈ ফোন নম্বৰ

এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে কোনো কামৰ বাবে উৎকোচ বিচাৰিলেই আপুনি প্ৰত্যক্ষভাৱে দিব পাৰিব অভিযোগ । কামৰ বিনিময়ত ধন দাবী কৰা দুর্নীতিগ্রস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে নির্ভয়ে অভিযোগ দাখিল কৰিব পাৰিব । গোপনে অভিযোগ দাখিলৰ বাবে ৬ টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে ।

গুৱাহাটী,১০ ফেব্ৰুৱাৰী: উৎকোচৰ বিৰদ্ধে জেহাদ ঘোষণা কৰিছে অসম আৰক্ষীয়ে । এটাৰ পাচত আনটোকৈ উৎকোচ লোৱাৰ ঘটনা পোহৰলৈ অনা অসম আৰক্ষীয়ে ইতিমধ্যে বহুকেইজন চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ অসম আৰক্ষীয়ে উৎকোচ লোৱাসকলৰ বিৰুদ্ধে অভিযোগ দিবলৈ মুকলি কৰিছে ছটাকৈ ফোন নম্বৰ (Assam Police Phone numbers) । এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে কোনো কামৰ বাবে উৎকোচ বিচাৰিলেই প্ৰত্যক্ষভাৱে দিব পাৰিব অভিযোগ ।

Six phone numbers of Assam Police
উৎকোচৰ বিৰুদ্ধে অভিযোগ দিবলৈ অসম আৰক্ষীৰ ছটাকৈ ফোন নম্বৰ

যদি কোনো কর্মচাৰীয়ে কামৰ বিনিময়ত ধন দাবী কৰিছে, তেনেহলে উক্ত দুর্নীতিগ্রস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে নির্ভয়ে অভিযোগ দাখিল কৰিব পাৰিব আৰক্ষীক । আপোনাৰ পৰিচয় গোপনে ৰাখি তেনে দুর্নীতিগ্রস্ত বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে (Vigilance and anti corruption) ।

কেৱল সাধাৰণ চৰকাৰী বিভাগসমূহৰ কৰ্মচাৰীয়েই নহয়, কোনো আৰক্ষীয়েও যদি কিবা কামৰ নামত ধন দাবী কৰে, তেনেহ'লে আৰক্ষীৰ বিৰুদ্ধেও ভিজিলেন্সক ৰাইজে অভিযোগ দিব পাৰিব । দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে উৎকোচ বিচাৰিলে গোপনে অভিযোগ দাখিলৰ বাবে ৬ টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে (Phone numbers released for complain against bribery) ।

ভিজিলেন্সৰ নৱ-নিযুক্ত এডিজিপি সুৰেন্দ্ৰ কুমাৰে অভিযোগ দাখিল কৰিবলগীয়া ফোন নম্বৰকেইটা ৰাজহুৱা কৰিছে । উক্ত হেল্পলাইন নম্বৰ কেইটা হৈছে ক্ৰমে হোৱাটছএপ নম্বৰ ৬০২৬৯০১২৪৩, ট'লফ্রী ফোন নম্বৰ ১৮০০৩৪৫৩৭৬৭, নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ ০৩৬১-২৪৬২২৯৫, ভিজিলেন্সৰ আৰক্ষী অধীক্ষকৰ মোবাইল নম্বৰ ৬০২৬৯০৩৪৮৩ আৰু ৬০২৬৯০৩৪৮১ ।

তদুপৰি ভিজিলেন্সৰ অতিৰিক্ত আৰক্ষী অধীক্ষককো ৬০২৬৯০৩৪১৮ নম্বৰত প্ৰত্যক্ষভাৱে অভিযোগ দিব পাৰিব । ইয়াৰোপৰি complaints.vac@gmail.com ই-মেইল আৰু টুইটাৰ একাউণ্ট @DIR VAC ASSAM ত মেছেজযোগে ঘোঁচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব । উল্লেখ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পাচৰে পৰা বিগত বৰ্ষৰ ১৯ অক্টোবৰ পৰ্যন্ত ভিজিলেন্সে ৫৫টা গোচৰ পঞ্জীয়ন কৰি ২ মধ্যভোগীসহ ৬৩ জন চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: Ranjit Bora Murder Case : লকআপৰ ভিতৰতে আত্মহননৰ চেষ্টা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.