Dhubri road accident : মৃত্যুদূতত পৰিণত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : Dec 16, 2022, 4:22 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

ধুবুৰী জিলাৰ বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Bilashipara)। চিৰাকুটাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিখনকৈ ট্ৰাক একেলগে দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাটোত এজন ট্ৰাক চালক থিতাতে নিহত হয় (Truck driver died in road accident at Dhubri)। আনহাতে আহত হয় কেইবাজনো লোক । আঘাতপ্ৰাপ্ত লোকসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততালিকে চিকিৎসালয় লৈ প্ৰেৰণ কৰে । গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী আৰু ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী তিনিখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় লোকে জনাইছে (Truck collusion in Dhubri)। ট্ৰাক কেইখনৰ নম্বৰ হৈছে- AS-17-B-9954, WB-57-C-8685 আৰু AS-01-NC-2230 । ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে । ইফালে ঘটনাস্থলীত আৰক্ষীৰ লোকসকল পলমকৈ উপস্থিত হোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোকসকল । ফলত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শ শ যান-বাহন ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.