Asam Sahitya Sabha conference : নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰলৈ সাহিত্যানুৰাগীৰ সোঁত

By

Published : Feb 1, 2023, 7:23 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বিহপুৰীয়া, 1 ফেব্ৰুৱাৰী : অসম সাহিত্য সভাৰ ষটসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ আজি দ্বিতীয়টো দিন (Asam Sahitya Sabha conference)৷ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যৰ অন্যমত জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ অধিৱেশনস্থলী লোকাৰণ্য হ’ল সাহিত্যানুৰাগীৰ উপস্থিতিত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সোঁত বোৱা দেখা গ’ল হাজাৰ হাজাৰ লোকৰ ৷

দ্বিতীয়টো দিনৰ কাৰ্যসূচী অনুসৰি পুৱা 8-45 বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হয় ৷ ইয়াৰ পাছতে 9-30 বজাত শ্বহীদ তৰ্পন কৰা হয় ৷ 10 বজাত মূল মণ্ডপ উদ্বোধন কৰে আদৰণী সমিতিৰ সভাপতি তথা বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই (MLA Amiya Kumar Bhuyan)৷

10-30 বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে (Journalist Manoj Kumar Goswami)৷ ইয়াৰ পাছতে আৰম্ভ হয় বিজ্ঞান সাহিত্য সন্মিলন ৷ 

লগতে পঢ়ক :  Himanta Biswa Sarma Birthday: কলিয়াবৰৰ বিবাহস্থলীত কেক্ কাটি জন্মদিন উদযাপন মুখ্যমন্ত্ৰীৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.