Theft in Jorhat : চোৰে নিদ্ৰা হৰিছে যোৰহাটবাসীৰ, নিৰাপত্তা প্ৰদানত ব্যৰ্থ আৰক্ষী

By

Published : Nov 30, 2022, 12:08 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

যোৰহাট মালৌআলি মুক্তিযোদ্ধাৰ পথত চুৰিকাণ্ড (Theft in Jorhat) ৷ মঙলবাৰে নিশা মুক্তিযোদ্ধাৰ পথত এঘৰত চোৰে চলালে চাফাই অভিযান ৷ ঘৰত কোনো লোক নথকাৰ সুযোগতে চিলিং ভাঙি ভিতৰত প্ৰৱেশ কৰি চোৰে নগদ টকা, সোণৰ আ-অলংকাৰসহ লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰী ৷ ঘটনাস্থলীত নিশায়ে যোৰহাট সদৰ আৰক্ষীৰ বিষয়াসহ আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ শেহতীয়াকৈ যোৰহাট নগৰত সংঘটিত হৈছে কেইবাটাও চুৰিকাণ্ড ৷ যাৰ ফলত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে যোৰহাট নগৰবাসী ৷ নগৰৰ মাজমজিয়াত আৰক্ষীয়ে টহল দি থকাৰ পিছতো কিদৰে চোৰে লুটপাত চলাবলৈ সাহস পাইছে তাক লৈ এতিয়া ৰাইজে উত্থাপন কৰিছে বহু প্ৰশ্নৰ ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.