Bagari chapori in moran: বছৰটোৰ শেষৰটো দেওবাৰত মৰাণৰ বগৰি চাপৰিত বনভোজ দলৰ ভিৰ

By

Published : Dec 25, 2022, 3:41 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

আজি বছৰটোৰ শেষৰটো দেওবাৰ ৷ ইফালে আজি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন । পুৰণিক বিদায় দি নতুনক আদৰাৰ ব্যাপক আনন্দ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত দেখিবলৈ পোৱা গৈছে সমাগম । সমান্তৰালকৈ ব্যতিক্ৰম নহয় মৰাণৰ দিৰৈ নদীৰ কাষত থকা বগৰি চাপৰি(Picnic spot at Moran) । স্থানীয় কেইজনমান নিবনুৱা যুৱকৰ উদ্যোগত আৰু খুমটাই গাওঁ পঞ্চায়তৰ সহযোগত দিৰৈ নদীৰ কাষত এক সুন্দৰ প্ৰাকৃতিক মনোমোহা পৰিবেশত প্ৰাণ পাই উঠিছে বনভোজস্থলী । আজি বছৰটোৰ শেষৰটো দেওবাৰত এই বগৰি চাপৰিত বিভিন্ন ঠাইৰ পৰা আহিছে বনভোজৰ দল । লৈছে পৰিয়ালৰ সৈতে নতুবা কাৰ্যালয়ৰ সহকৰ্মী, বন্ধু-বান্ধৱীৰ সৈতে এসাজৰ আনন্দ(Public gathering at picnic spot in Moran) ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.