Attempt to Suicide case: দুই পুত্ৰক বুকুত সাৱটি নদীত জাঁপ দিলে মাতৃয়ে

By

Published : Jan 17, 2023, 6:14 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত আঠগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । দাৰিদ্ৰতাই কাল নমাই আনিলে এটা পৰিয়াললৈ (Attempt to Suicide case at Baihata Chariali) ৷ দুই পুত্ৰক লগত লৈ মাতৃয়ে জাঁপ দিলে পুঠিমাৰী নৈত (Mother with two sons Attempt to Suicide )। এই ঘটনা পৰিলক্ষিত কৰি লগে লগে এগৰাকী স্থানীয় লোকে নদীত জাঁপ মাৰি কনিষ্ঠ পুত্ৰক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও মাতৃ আৰু বৰপুত্ৰক উদ্ধাৰ কৰিব নোৱাৰিলে লোকজনে ৷ ঘটনাৰ খবৰ পাই স্থানীয় লোকে মহিলাগৰাকীৰ পৰিয়ালৰ লোকক খবৰ দিয়াৰ লগতে আৰক্ষীকো খবৰ দিয়ে ৷ ঘটনাৰ খবৰ পাই আৰক্ষীৰ লগতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে (SDRF and NDRF started rescue operation) ৷ বৰ্তমানো সন্ধান নাই মাতৃ আৰু ডাঙৰ পুত্ৰৰ । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.