Man arrested with fake gold: জামুগুৰিহাটত নকল সোণৰ নাওসহ এজন গ্ৰেপ্তাৰ

By

Published : Jun 28, 2022, 10:00 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত দেওবাৰে নিশা আৰক্ষীয়ে ১.৮ কিলোগ্ৰাম ওজনৰ নকল সোণৰ নাওসহ এজন লোকক আটক কৰে (Man arrested with fake gold boat) ৷ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোৰ ভৰলী চাপৰীৰ পৰা নকল সোণৰ নাওসহ ৰছিদুল হক নামৰ এজন অসাধু ব্যৱসায়ীক আটক কৰে ৷ ধৃত ৰছিদুলৰ ঘৰ লক্ষীমপুৰ জিলাত বুলি জানিব পৰা গৈছে । ধৃত অপৰাধীজনে পূৰ্বতেও এনে অপৰাধজনীত কৰ্মত জড়িত হৈ কাৰাবাস খাটিব লগা হৈছিল ৷ ইফালে অভিযানৰ সময়ত আৰক্ষীয়ে AS01 BG 0031 নাম্বাৰৰ এখন স্কৰপিঅ’ বাহনো জব্দ কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান পাই সেই স্তানত থকা অপৰাধী চক্ৰটোৰ আন দুজন লোক পলাই যাবলৈ সক্ষম হয় (Two of criminals fled the scene) ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.