Leopard caged in Jorhat: বন বিভাগৰ পিঞ্জৰাবদ্ধ নাহৰফুটুকী

By

Published : Feb 13, 2023, 10:59 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

যোৰহাট, 13 ফেব্ৰুৱাৰী: যোৰহাটৰ পূব প্ৰান্তৰ কাছগড়ালত সোমবাৰে পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী ৷ নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল অঞ্চলটোত ৷ অৱশেষত আজি অৰ্থাৎ সোমবাৰে বনবিভাগে পতা এটা পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো (Leopard caged in Jorhat) । পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোৰ বয়স প্ৰায় আঢ়ৈ বছৰ পৰাৰ তিনিবছৰৰ হ'ব বুলি বনবিভাগৰ লোকে জানিবলৈ দিয়ে ।

উল্লেখ্যযোগ্য যে, উক্ত নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি বৃহত্তৰ কছাগড়াল অঞ্চলটোত সন্ত্ৰাস চলাই একপ্ৰকাৰ ৰাইজক হাৰাশাস্তি কৰি আহিছিল । এই নাহৰফুটুকীটোৱে কাছগড়ালৰ বিভিন্ন প্ৰান্তৰ পোহনীয়া হাঁহ, কুকুৰা, পাৰ আদি কৰি ভক্ষণ কৰি ৰাইজক একপ্ৰকাৰ ত্ৰাহি মধুসূদন সোঁৱৰাই আহিছিল । নাহৰফুটুকীটোৰ ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে এই কথা যোৰহাট বনবিভাগক অৱগত কৰে আৰু ৰাইজৰ কথা মতে দেওবাৰে নিশা কাছগড়াল এটা অঞ্চলত এটা পিঞ্জৰা পাতে বনবিভাগে । 

সোমবাৰে পুৱতি নিশা বন বিভাগে পতা পিঞ্জৰাত বন্দী হয় নাহৰফুটুকীটো ৷ নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলায় উক্ত অঞ্চলটোৰ ৰাইজে ৷ যোৰহাটৰ পূৱ প্ৰান্তত অৱস্থিত বৃহত্তৰ অঞ্চলটোত বিভিন্ন প্ৰজাতিৰ আৰু কেবাটাও বাঘ থকা সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে ৷ ইফালে আজি কাছগড়ালত বন বিভাগে পতা পিঞ্জৰাত আৱদ্ধ নাহৰফুটুকীটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (Kaziranga National Park) মুকলি কৰি দিয়া হ'ব বুলি বনবিভাগৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ।

এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে বনাঞ্চল পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পাই অহাৰ ফলত বিভিন্ন বন্য জীৱ-জন্ত জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ চলাই আহিছে । ইয়াৰ ফলত বৃদ্ধি পাইছে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত ৷ 

লগতে পঢ়ক: নাহৰফুটুকীৰ ৰম্যভূমিলৈ পৰিণত গোলাঘাটৰ এটা জনাঞ্চল

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.