Free roaming of dolphins : ভাটে সাগৰত জাক জাক ডলফিনৰ জলকেলি

By

Published : Nov 13, 2022, 6:26 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

সাগৰত ডলফিনৰ জলকেলি ৷ মহাৰাষ্ট্ৰৰ ৰত্নগিৰিৰ কাষতে থকা ভাটে সাগৰৰ এটা পাৰত ডলফিনে কৰিছে কেলি (Free roaming of dolphins in Bhatye sea in Ratnagiri) ৷ এই ভাটে সাগৰৰ বুকুত মুক্তমনে ডলফিনে কৰা কেলিয়ে মন্ত্ৰমুগ্ধ কৰিছে এতিয়া পৰ্যটকক ৷ ফটোগ্ৰাফাৰ সুপ্ৰিয়ান্তো খাউল (Photographer Supriyanto Khawle)ৰ ড্ৰোণ কেমেৰাত বন্দী হৈছে এক মনোৰোম দৃশ্য ৷ তথ্য অনুসৰি, ৰত্নগিৰিৰ ভাটে সাগৰৰত সুৰক্ষিত অনুভৱ কৰে ডলফিনে ৷ কিয়নো চোৰাং চিকাৰীয়ে কোনোধৰণৰ ক্ষয়-ক্ষতি কৰিব নোৱাৰে এই ভাটে সাগৰত থকা জীৱবোৰক ৷ ফলত মুক্তমনে জীয়াই থাকে এই উপকূলটোৰ জীৱবোৰ ৷ সেয়ে হয়তো জিলাখনৰ এই উপকূলটোত ক্ৰমান্বয়ে ডলফিনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । যি বৰ্তমান পৰ্যটকৰো আকৰ্ষণৰ অন্যতম কাৰণ হিচাবে বিবেচিত হৈছে ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.