Unusual Death in Rajasthan : বাতৰি কাকত পঢ়ি থাকোতেই ঢলি পৰি মৃত্যু হ’ল ব্যৱসায়ীৰ

By

Published : Nov 7, 2022, 2:20 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ৰাজস্থানৰ বৰমেৰ জিলাত বাতৰি কাকত পঢ়ি থকা অৱস্থাত মৃত্যু হয় এজন ব্যৱসায়ীৰ (Businessman dies while reading newspaper)। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ চিচিটিভি ফুটেজ । য'ত ব্যৱসায়ীজনে বাতৰি কাকত পঢ়ি থকা দেখা গৈছে আৰু হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যুমুখত পৰে (Unusual death in Rajasthan)৷ মৃত ব্যৱসায়ীজনৰ চুৰাটত কাপোৰৰ ডাঙৰ ব্যৱসায় আছে আৰু ৪ নৱেম্বৰত নিজৰ গাঁৱলৈ গৈছিল কোনো অনুষ্ঠানৰ বাবে । দাঁতৰ বিষৰ বাবে ৫ নৱেম্বৰত তেওঁক চেকআপৰ বাবে এখন এখন ক্লিনিকলৈ লৈ যোৱা হৈছিল ৷ ক্লিনিকৰ বাহিৰৰ ৱেটিং ৰূমত বহি তেওঁ বাতৰি কাকত পঢ়ি আছিল । সেই সময়ত হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটি তেওঁ তললৈ পৰি যায় ৷ ইয়াৰ পাছতে একাংশ লোকে ব্যৱসায়ীজনক অচেতন অৱস্থাত নাহাটা চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে (Sudden Cardiac Death)।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.