Bhabesh Kalita criticized AAMSU: আমছুৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিল ভৱেশ কলিতা

By

Published : Jan 30, 2023, 2:23 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰঙিয়া, 30 জানুৱাৰী: "আমছুৰ মতে চৰকাৰ নচলে ৷ মই ইমানেই কলো ৷ আমছু কোন ? Who is AAMSU ? আমছু অসমৰ প্ৰাণকৰ্তা নহয় ৷ আমছু হৈছে চৰণীয়া পথাৰৰ মালিক ৷ যিসকল অবৈধ নাগৰিক, তেওঁলোকৰ মালিক হৈছে আমছু । অসমৰ খিলঞ্জীয়াৰ ওপৰত আমছুৰ কোনো অধিকাৰ নাই । আমছু কোন ? অসমীয়া জাতিৰ ওপৰত আমছুৰ কোনো ভূমিকা নাই । আমছু সদায় অসম আৰু অসমীয়াৰ বিৰোধী ৷ "এই বিস্ফোৰক মন্তব্য আমাৰ নহয়, এই বিস্ফোৰক মন্তব্য অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (BJP president Bhabesh kalita) ৷

উল্লেখ্য যে সংবাদ মাধ্যমত আমছুৰ সভাপতি ৰেজাউল কৰিম চৌধুৰীয়ে (AAMSU President Rezaul Karim Chowdhury) শেহতীয়াকৈ উচ্ছেদ সম্পৰ্কে মন্তব্য কৰিছিল ৷ ৰেজাউল কৰিম চৌধুৰীয়ে উচ্ছেদৰ বিৰোধিতা কৰি কৈছিল, সংখ্যালঘু ৰাইজক কৰা উচ্ছেদৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজভৱন ঘেৰাও কৰা হ’ব ৷ আমছুৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ পিছতেই আমছুৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (Bhabesh kalita criticized AAMSU)।

দেওবাৰে ৰঙিয়াৰ তুলসীবাৰীত অনুষ্ঠিত হৈছিল এখন সভা ৷ সেই সভাত অংশগ্ৰহণ কৰিছিল ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ তাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত হঠাৎ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী আক্ৰমণাত্মক হৈ উঠে আমছুৰ বিৰুদ্ধে ৷ তাৰ পিছতেই তেওঁ সংবাদ মাধ্যমত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে আমছুৰ বিৰুদ্ধে ৷ 

তেওঁ কয়, "আমছু কোন ? Who is AAMSU? আমছু অসমৰ প্ৰাণকৰ্তা নহয় ৷  আমছু হৈছে চৰণীয়া পথাৰৰ মালিক ৷ যিসকল অবৈধ নাগৰিক তেওঁলোকৰ মালিক হৈছে আমছু । অসমৰ খিলঞ্জীয়াৰ ওপৰত আমছুৰ কোনো অধিকাৰ নাই । আমছু কোন ? অসমীয়া জাতিৰ ওপৰত আমছুৰ কোনো ভূমিকা নাই । আমছু সদায় অসম আৰু অসমীয়াৰ বিৰোধী ৷" ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে এনেদৰে মন্তব্য কৰে সাংবাদিক আগত ৷ এতিয়া ভৱেশ কলিতাৰ এই মন্তব্যৰ বিপৰীতে আমছুৱে কেনে প্ৰত্যুত্তৰ দিয়ে সেয়া সময়ত হ’ব লক্ষণীয় ৷


লগতে পঢ়ক: AAMSU Protest in Barpeta : বৰপেটাত উচ্ছেদৰ বিৰুদ্ধে আমছুৰ জনতাৰ প্ৰতিবাদ কাৰ্যসূচী

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.