ট্ৰেক্টৰ চলাই পথাৰত নামিল কৃষিমন্ত্ৰী অতুল বৰা

By

Published : Sep 4, 2022, 4:39 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ৰাজ্যজুৰি কৃষিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷ এইবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ বোকাখাতৰ চহলা চাপৰি আৰু গাভৰু চাপৰিত কৃষি বিভাগৰ 1000 বিঘা ভূমিত মাটি মাহৰ বীজ সিঁচি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কৃষিমন্ত্ৰী অতুল বৰাই (Atul Bora in paddy field)৷ সমূহীয়া উন্নয়ন প্ৰকল্পৰ অধীনত গ্ৰহণ কৰা এই প্ৰকল্পৰ অধীনত গো পালন, মৎস্য পালনৰ লগতে অন্যান্য খেতিকো সন্নিৱিষ্ট কৰা হৈছে ৷ দেওবাৰে মন্ত্ৰীগৰাকীয়ে বোকাখাতৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজেই ট্ৰেক্টৰ চলাই ভূমি চহোৱাৰ লগতে বীজ সিঁচে ৷ তেওঁ পৰৱৰ্তী পৰিকল্পনাৰ বাবে স্থানীয় লোকৰ লগতে মত বিনিময় কৰে ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.