Attempt to Kill : গোলাঘাটত মাত্ৰ ৫০০ টকাৰ বাবেই মৰিয়াই হত্যাৰ চেষ্টা

By

Published : Nov 12, 2022, 3:41 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

গোলাঘাটত মাত্ৰ ৫০০ টকাৰ বাবেই মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা (Attempt to kill in Golaghat) । গোলাঘাটৰ শালমৰাত সংঘটিত হৈছে এই ঘটনা । ৰাজপথত মটৰচাইকেলৰ পৰা নমাই চোঁচৰাই আনি গাড়ীত খুন্দিয়াই মূৰ ফালিলে জিম্পু আলী নামৰ যুৱকজনৰ (Attempt to kill for just Rs 500 in Golaghat) । উল্লেখ্য যে জিলাখনৰ আধাৰসত্ৰৰ ৰাতুল আলী নামৰ যুৱকজনক জিম্পু আলীয়ে দিবলৈ আছিল 500 টকা । উক্ত ধন বিচৰা সত্ত্বেও ঘূৰাই দিয়া নাছিল জিম্পুৱে । শনিবাৰে AS03AC-5451 নম্বৰৰ TATA Ace বাহনখন ভাল কৰিবলৈ শালমৰাত উপস্থিত হৈছিল জিম্পু আলী । সেই সময়তেই উক্ত স্থানত উপস্থিত হয় ৰাতুল আলী । বিচাৰি থকা ধন নিদিয়াৰ বাবেই ৰাতুলে জিম্পুক ধৰি লৈ প্ৰহাৰ কৰাৰ লগতে গাড়ীত খুন্দিয়াই খুন্দিয়াই মূৰ ফালি দিয়ে । অৱশ্যে ঘটনাস্থলীত অন্য লোক উপস্থিত হোৱাত ৰাতুল আলীয়ে পলায়ন কৰে । জনতাৰ উপস্থিতিত প্ৰাণ ৰক্ষা পৰে জিম্পুৰ । ইতিমধ্যে চিকিৎসাধীন জিম্পুৱে গোলাঘাট আৰক্ষী থানাত গোচৰ তৰিছে (Golaghat Police) ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.