African swine fever: টিংখাঙত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক

By

Published : Jul 16, 2022, 2:15 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ৰাজ্যত ক্ৰমান্বয়ে আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাবলৈ ধৰিছে (African swine fever outbreak in Tingkhang)। শেহতীয়াকৈ টিংখাঙতো এই ৰোগৰ অৱস্থিতি ধৰা পৰিছে । টিংখাঙৰ নখাট পঞ্চায়তৰ অন্তৰ্গত ভোগালী পথাৰ গাঁৱত ভদ্ৰ বৰা নামৰ গাহৰি পালকজনৰ গাহৰিৰ নমুনা পৰীক্ষাৰ সময়ত ছোৱাইন ফ্লু ধৰা পৰে । তাৰ পাছতে অঞ্চলটোত যাতে এই ৰোগ অধিক সম্প্ৰসাৰিত হ'ব নোৱাৰে তাৰবাবে ইতিমধ্যে পশু চিকিৎসা বিভাগ তথা জিলা প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰিছে । শুকুৰবাৰে ৰাষ্ট্ৰীয় ৰোগ নিৰ্মূল আঁচনিৰ ডিব্ৰুগড় জিলা সম্পৰ্কৰক্ষী বিষয়া ডা০ জ্যোতিপ্ৰসাদ হাতীবৰুৱাৰ নেতৃত্বত পশু চিকিৎসকৰ এটা দলে সমগ্ৰ ভোগালী পথাৰ অঞ্চলটো চেনিটাইজ কৰাৰ লগতে আৰক্ষী প্ৰশাসনৰ সহযোগত সংক্ৰমিত অঞ্চলটোৰ গাহৰি সমূহ ডিমৌজানত সমূহীয়াকৈ নিধন কৰে । আনহাতে আক্ৰান্ত অঞ্চলটোৰ পৰা প্ৰায় ১০ কি: মি অঞ্চলত গাহৰি মাংস বিক্ৰী, ভোজন আৰু সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.