Inter Club Athletics Competition: টিংখাঙত ডিব্ৰুগড় জিলা আন্তঃক্লাৱ এথলেটিকছ প্ৰতিযোগিতা

By

Published : Dec 26, 2022, 5:17 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

ক্ৰীড়াৰ জৰিয়তে এখন সুস্থ সৱল সমাজ নিৰ্মাণ তথা খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে গাওঁ আৰু নগৰ অঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্য়ৰে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত অনুষ্ঠিত হৈছে ডিব্ৰুগড় জিলা আন্তঃক্লাৱ এথলেটিকছ প্ৰতিযোগিতা ২০২২ (Dibrugarh District Inter Club Athletics Competition)। টিংখাং স্প'ৰ্টছ এছ'চিয়েচনৰ আতিথ্যত ৰাইদঙীয়া যুৱক সংঘ আৰু টিংখাঙবাসীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এথলেটিকছ প্ৰতিযোগিতাখনি (Tingkhang Sports Association) । টিংখাং ক্ৰীড়া ক্ষেত্ৰ ৰাইদঙীয়াত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখনিত জিলাখনৰ পাঁচটা ক্লাৱৰ চাৰি শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে । দেওবাৰে অনুষ্ঠানৰ উদ্বোধন কৰাৰ লগতে খেলুৱৈসকলৰ অভিবাদন গ্ৰহণ কৰে টিংখাঙৰ বিধায়ক তথা ক্ৰীড়া মন্ত্ৰী বিমল বড়াই (Minister Bimal Bara)।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.