ETV Bharat / sukhibhava

শীতকালত কিদৰে ল’ব শিশুৰ যতন ?

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 4:54 PM IST

Baby Care During Winter: নতুন অভিভাৱকসকলে শিশুৰ স্বাস্থ্যৰ দিশটোত চকু দিওঁতে কিছু অসুবিধাৰ বহুবাৰ সন্মুখীন হয় ৷ এই ঋতুত অভিভাৱকসকলে কেনেদৰে তেওঁলোকৰ সন্তানৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে, আজি জানো আহক-

This is how to take care of your baby during the winter
শীতকালত কিদৰে ল’ব শিশুৰ যতন ?

শীতকালত শিশুসকলৰ সঠিক যত্ন লোৱাৰ খুবেই প্ৰয়োজন ৷ পিতৃ-মাতৃৰ সৰু সৰু ভুলৰ প্ৰভাৱ শিশুৰ স্বাস্থ্যত পৰিব পাৰে ৷ এই ঋতুত শিশুৰ শৰীৰৰ সঠিক তাপমাত্ৰা বজাই ৰখাৰ ক্ষেত্ৰত অভিভাৱকসকল সচেতন হ'ব লাগে ৷ বিশেষকৈ নতুন অভিভাৱকসকলে শিশুৰ স্বাস্থ্যৰ দিশটোত চকু দিওঁতে কিছু অসুবিধাৰ সন্মুখীন হয় ৷ এই ঋতুত অভিভাৱকসকলে কেনেদৰে তেওঁলোকৰ সন্তানৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে, আজি জানো আহক-

অত্যধিক কাপোৰ নিপিন্ধাব

কিছুমান অভিভাৱকে শিশুৰ গাত ঠাণ্ডা নালাগিবলৈ বহুত কাপোৰ পিন্ধাই দিয়ে ৷ কিন্তু প্ৰকৃততে অধিক কাপোৰ পিন্ধোৱাৰ ফলত শিশুৰ শ্বাসৰুদ্ধ হ'ব পাৰে ৷ বিশেষজ্ঞসকলৰ মতে, শিশুক সদায় পাতল গৰম কাপোৰ পিন্ধাব লাগে ৷ তিনি-চাৰিটা গৰম কাপোৰ একেলগে কেতিয়াও পিন্ধাব নালাগে ৷

মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰিব

শীতকালত শিশুৰ গাটো ভালকৈ পৰিস্কাৰ কৰি ছালখন আৰ্দ্ৰ কৰিবলৈ নাপাহৰিব ৷ ইয়াৰ বাবে আপুনি মইশ্চাৰাইজাৰ প্ৰয়োগ কৰিব ৷ ই ছাল কোমল তথা শুষ্কতাৰ ফলত হোৱা ছালৰ সমস্যা আঁতৰ কৰে ৷

শৰীৰৰ তাপমাত্ৰাৰ প্ৰতি মন কৰিব

শীতকালত অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ শৰীৰৰ তাপমাত্ৰাৰ প্ৰতিও মন দিব লাগে ৷ সময়ে সময়ে তেওঁলোকৰ হাতৰ তলুৱা আৰু ভৰিৰ তলুৱা স্পৰ্শ কৰি থাকিব, যাতে অত্যধিক গৰম বা ঠাণ্ডা নহয় ৷ ভৰিৰ তলুৱা অত্যধিক ঠাণ্ডা হ'লে শিশুৰ চৰ্দি হ'ব পাৰে ৷ একে সময়তে, অত্যধিক গৰম হাতৰ তলুৱাই শিশুৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

গাত অলপ বতাহ লাগিবলৈ দিব

শীতকালত অত্যধিক কাপোৰ পিন্ধাৰ ফলত শিশুৰ শৰীৰ গৰম হৈ পৰে ৷ যাৰ ফলত তেওঁলোকে কান্দে আৰু বহু সময়ত তেওঁলোকৰ ছাল ৰঙা হৈ পৰে ৷ তেওঁলোকৰ এই অৱস্থাক জ্বৰ বুলি ভাবি ভুল নকৰিব ৷ এনে হ’লে শিশুটোৰ শৰীৰৰ পৰা কাপোৰৰ কিছুমান স্তৰ হ্ৰাস কৰিব আৰু তেওঁলোকৰ শৰীৰত অলপ বতাহ লাগিবলৈ দিব ৷

এই বিষয়েও মনত ৰাখিব

উলৰ কাপোৰৰ ফলত শিশুৰ ছালত এলাৰ্জি হ'ব পাৰে ৷ সেয়েহে সদায়, কপাহী কাপোৰৰ ওপৰতহে তেওঁলোকক উলৰ কাপোৰ পিন্ধাব ৷

লগতে পঢ়ক: গৰ্ভাৱস্থাত হাই হিল পিন্ধিব লাগে নে নাই ? বিশেষজ্ঞসকলে কি কয় জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.