ETV Bharat / sukhibhava

গৰ্ভাৱস্থাত হাই হিল পিন্ধিব লাগে নে নাই ? বিশেষজ্ঞসকলে কি কয় জানি লওক

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 1:12 PM IST

Heels in Pregnancy: কিছুমান মহিলাই গৰ্ভাৱস্থাত হাই হিল পিন্ধে, কিন্তু এনে কৰাটো উচিত নে ? গৰ্ভাৱস্থাত যিহেতু বহু উত্থান-পতন হয় এনে পৰিস্থিতিত হাই হিল পিন্ধাটো কিমান নিৰাপদ ? বিশেষজ্ঞসকলৰ পৰা জানো আহক-

Is it bad to wear heels while pregnant?
গৰ্ভাৱস্থাত হাই হিল পিন্ধিব লাগে নে নাই ? বিশেষজ্ঞসকলে কি কয় জানি লওক

প্ৰতিগৰাকী ছোৱালীয়ে হিল পিন্ধি ভাল পায় ৷ নিজৰ উচ্চতা বৃদ্ধি কৰিবলৈ আৰু ভাল দেখাবৰ বাবে মহিলাসকলে হাই হিল পৰিধান কৰা দেখা যায় ৷ অৱশ্যে কিছুমান বস্তু পৰিধান কৰিবলৈ সঠিক বয়স আৰু সময় থাকে ৷ দেখা যায় যে, কিছুমান মহিলাই গৰ্ভাৱস্থাত হাই হিল পিন্ধে, কিন্তু এনে কৰাটো উচিত নে ? গৰ্ভাৱস্থাত যিহেতু বহু উত্থান-পতন হয় এনে পৰিস্থিতিত হাই হিল পিন্ধাটো কিমান নিৰাপদ ? বিশেষজ্ঞসকলৰ পৰা জানো আহক-

গৰ্ভাৱস্থাত হিল পিন্ধিব লাগে নে ?

বিশেষজ্ঞসকলৰ মতে, প্ৰতিগৰাকী মহিলাই গৰ্ভাৱস্থাৰ আৰম্ভণিৰ পৰা শিশুক খুৱাই কঢ়িয়াই নিয়ালৈকে হিল পিন্ধাটো পৰিহাৰ কৰিব লাগে ৷ ইয়াৰ আঁৰত কোনো বৈজ্ঞানিক কাৰণ নাই যদিও গৰ্ভাৱস্থাত যিহেতু মহিলাৰ ওজন বহু পৰিমাণে বৃদ্ধি পায়, গতিকে এই সময়ছোৱাত হিল পিন্ধিলে ভাৰসাম্য বিঘ্নিত হোৱাৰ লগতে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ বহু মহিলাৰ ক্ষেত্ৰত গৰ্ভাৱস্থাত ভৰিৰ ফুলাটো বাঢ়ি যায়, এনে পৰিস্থিতিত গোৰোহাৰ বাবে টান আৰু ফুলাও বৃদ্ধি পাব পাৰে ৷ একে সময়তে দীঘলীয়া সময়লৈকে হিল পিন্ধিলে কঁকালৰ বিষৰ সমস্যাও হ’ব পাৰে ৷

গৰ্ভাৱস্থাত হিল পিন্ধিলে হ’ব পাৰে এই অসুবিধা

গৰ্ভাৱস্থাত হিল পিন্ধিলে ভৰিৰ বিষ বৃদ্ধি পাব পাৰে ৷ কিছুমান ক্ষেত্ৰত আঁঠুৰ বিষ হ’ব পাৰে ৷ গতিকে গৰ্ভাৱস্থাত হিল খুব সাৱধানে পৰিধান কৰিব লাগে৷ একে সময়তে শিশুটি সৰু হ’লে কোলাত কঢ়িয়াই নিয়াৰ সময়ত গোৰোহাৰ বিষৰ দৰে সমস্যাও হ’ব পাৰে ৷ গতিকে শিশুটিয়ে খোজ কাঢ়িবলৈ আৰম্ভ নকৰালৈকে মাকে হাই হিল পিন্ধাৰ পৰা বিৰত থাকিব লাগে ৷

গৰ্ভাৱস্থাত কেনেধৰণৰ জোতা পিন্ধিব লাগে ?

চিকিৎসকগৰাকীৰ মতে, গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত মহিলাসকলে সাৱধানে খোজ কাঢ়িব লাগে ৷ কাৰণ এই সময়ছোৱাত সামান্য জোকাৰণি বা ভৰি পিছলি যোৱাৰ ফলত গৰ্ভপাত হোৱাৰ আশংকা থাকিব পাৰে ৷ কিন্তু প্ৰথম ত্ৰিমাসিকত হিল পৰিধান কৰাটো নিষিদ্ধ নহয় ৷ কাৰ্যালয়লৈ যোৱা মহিলাসকলে লঘু হিল পিন্ধিব পাৰে যদিও সম্পূৰ্ণ সাৱধানে খোজ কাঢ়িব লাগে যাতে পিছলি পৰি নাযায় ৷

গৰ্ভাৱস্থাৰ দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিকত অত্যধিক ওজন বৃদ্ধিৰ বাবে হিল পিন্ধাটো সমস্যা হ’ব পাৰে, সেয়েহে এই সময়ছোৱাত হিলৰ সলনি আৰামদায়ক ফ্লেট চপ্পল, চেণ্ডেল বা জোতা পিন্ধাটো ভাল বুলি বিবেচিত হয় ৷ কাৰণ তৃতীয় ত্ৰৈমাসিকত পিছল খোৱাৰ ফলত প্ৰি-মেচিউৰ প্ৰসৱৰ আশংকা হ’ব পাৰে ৷

লগতে পঢ়ক: শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত উপকাৰী এইকেইবিধ ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.