ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 22, 2022, 1:02 PM IST

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

থানা জ্বলোৱাৰ লগত জড়িত কাকো ৰেহাই দিয়া নহ’ব : পীযুষ হাজৰিকা

বটদ্ৰৱা থানা জ্বলাই দিয়া কাৰ্যত জড়িত তিনিজনক আটক (Three arrested for burning Batdrava police station)। বটদ্ৰৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ । তেওঁৰ মতে কাকো ৰেহাই দিয়া নহ'ব ।

বৰপেটাত জেহাদীৰ বিৰুদ্ধে NIAৰ অভিযান

অসমৰ বৰপেটা জিলাৰ দুটাকৈ স্থানত NIAৰ অভিযান (NIA operation in Barpeta)। জেহাদী সংগঠনত যোগদান কৰিবলৈ আৰু ভাৰতত আল-কায়েদাৰ আধাৰ সৃষ্টিৰ বাবে স্লিপাৰ চেলত কাম কৰিবলৈ প্ৰভাৱশালী যুৱক-যুৱতীসকলক নিয়োগ কৰাৰ অভিযোগত চলোৱা হৈছিল এই তালাচী । অভিযানত বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ ।

KAAC election 2022: বিজেপিৰ বহু প্ৰত্যাশিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ (Karbi Anglong Autonomous Council Elections 2022)বাবে সাজু হৈ উঠিছে বিজেপি দল ৷ শনিবাৰে বহু জল্পনা-কল্পনাৰ অন্তত বিজেপি দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰে ২৬ খন পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ৷ এই তালিকাত স্থান পালে বহুকেইগৰাকীয়ে নতুন যুৱ নেতাই ৷

ছিকিমত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয় : সৰ্বানন্দ সোণোৱাল

ছিকিমত হিমালয়ান লোকসকলৰ পৰম্পৰাগত আৰু প্ৰাচীন ঔষধ পদ্ধতি সোৱা ৰিগ্পা চিকিৎসা পদ্ধতি সন্দৰ্ভত ৰাষ্ট্ৰীয় কৰ্মশালাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । আয়ুষ মন্ত্ৰালয়ে (Ministry of Ayush)উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ ফলত ভাৰতীয় পৰম্পৰাগত চিকিৎসা খণ্ড ত্বৰান্বিত হৈছে । গেংটকৰ নামগ্যাল তিবেত'ল'জী প্ৰতিষ্ঠানত সোৱা ৰিগ্পা ভৱনৰ উদ্বোধন ।

বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া অপৰাধীৰ বাসগৃহ উচ্ছেদ

এতিয়াও উত্তেজনা মাৰ যোৱা নাই বটদ্ৰৱাত ৷ থানা জ্বলোৱা ঘটনাত জড়িত থকাৰ সন্দেহ কৰা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিলে আৰক্ষী-প্ৰশাসনে (Police raids house of accused in batadrava police outpost arson) ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কেইবাজনো লোকক আটক কৰিছে নগাঁও আৰক্ষীয়ে ৷ বটদ্ৰৱাৰ ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল এই লংকা কাণ্ড (Mob torches police station at Batadrava ) । অভিযোগ অনুসৰি মৃত যুৱকজনৰ পৰিয়ালৰ লোকৰ লগতে একাংশ উদণ্ড লোকে জ্বলাই দিছিল আৰক্ষী থানা ৷

পেট্ৰ’ল-ডিজেলৰ শুল্ক হ্ৰাস, ৰন্ধন গেছত ২০০ টকাৰ ৰাজসাহায্য

হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ শনিবাৰে টুইটযোগে এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ প্ৰতি লিটাৰ পেট্ৰ’লত সৰ্বমুঠ 9.50 টকা আৰু প্ৰতি লিটাৰ ডিজেলত 7 টকাকৈ হ্ৰাস হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে (Petrol Diesel prices reduced)৷

‘এক আঁচনি-এক গোট আৰু এক ঠিকাদাৰ’ নীতিৰে বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাটো অসম্ভৱ: মুহি বৰগোঁহাই

বৰ্তমানেও আধৰুৱা হৈ আছে ২০২০-২১ আৰু ২০২১-২০২২ বর্ষত বিভিন্ন শিতানৰ মুঠ ১৭২৮.৫৬ কোটি টকাৰে আৰম্ভ কৰা মুঠ ৪৭৭ খন আঁচনিৰ কাম । ২০২১ চনৰ বাৰিষাত কোনোমতে ৰক্ষা পৰা মথাউৰিসমূহৰ নিৰ্মাণৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই । এই দাবী সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থাৰ(All Assam Water Resources Contractors Association press meet) ৷

জিলা ন্যায়িক আদালতলৈ উন্নীতকৰণ বিশ্বনাথৰ মহকুমা ন্যায়িক আদালতক

বিশ্বনাথৰ মহকুমা ন্যায়িক আদালতক শনিবাৰৰ পৰা পূৰ্ণাংগ পৰ্যায়ত জিলা ন্যায়িক আদালত হিচাপে উন্নীতকৰণ (Inauguration of Full Fledged District Judiciary) । অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika) ।

চেঙাজান গোৱালা গাঁৱত তীব্ৰ গতিত চলি আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ তাণ্ডৱ

চেঙাজান গোৱালা গাঁৱত তীব্ৰ গতিত চলি আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ তাণ্ডৱ ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াত উছন হৈছে নৈপৰীয়া ৰাইজৰ ঘৰ-কৃষিভূমি (Brahmaputra River Erosion in Jonai) ৷ আপোন ঘৰখন এৰি আন ঠাইলৈ ঢাপলি মেলিছে গাঁওখনৰ বহু পৰিয়াল ।

Batadrava police station: নিলম্বিত হ’ল বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈ

বটদ্ৰৱা থানা কাণ্ডৰ বাবে নিলম্বিত হ'ল বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈ (Batadrava police Station OC suspended)। শনিবাৰে এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা আৰক্ষী থানাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । একাংশ উদণ্ড লোকে জ্বলাই দিয়ে আৰক্ষী থানা (Mob sets fire in Batadrava police station) । আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছিল মৃত যুৱকজনৰ পৰা ধন দাবীৰ অভিযোগ । ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত মধ্য মণ্ডলৰ মহা পৰিদৰ্শক সত্যৰাজ হাজৰিকা । ঘটনা সন্দৰ্ভত তিনিজনকৈ লোকক আটক কৰাৰ লগতে চাকৰিৰ পৰা নিলম্বিত কৰিলে বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.