ETV Bharat / state

KAAC election 2022: বিজেপিৰ বহু প্ৰত্যাশিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

author img

By

Published : May 22, 2022, 12:10 PM IST

Updated : May 22, 2022, 1:09 PM IST

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ (Karbi Anglong Autonomous Council Elections 2022)বাবে সাজু হৈ উঠিছে বিজেপি দল ৷ শনিবাৰে বহু জল্পনা-কল্পনাৰ অন্তত বিজেপি দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰে ২৬ খন পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ৷ এই তালিকাত স্থান পালে বহুকেইগৰাকীয়ে নতুন যুৱ নেতাই ৷

bjp-announced-candidate-list-for-kaac-election-2022
KAAC election 2022: বিজেপিৰ বহু প্ৰত্যাশিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

ডিফু, 22 মে': আগন্তুক 8 জুনত অনুষ্ঠিত হʼবলগীয়া কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত (Karbi Anglong Autonomous Council Elections 2022) প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাবে সৰু বৰ সকলো ৰাজনৈতিক দলেই ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । সকলো জল্পনা-কল্পনাৰ অন্তত অৱশেষত বিজেপিয়েও পৰিষদীয় নিৰ্বাচনৰ বাবে বহু প্ৰত্যাশিত 25 খন পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা শনিবাৰে আনুষ্ঠানিকভাবে ঘোষণা কৰে (BJP announced candidate list for KAAC Election 2022) ৷ অৱশ্যে হাওৰাঘাট সমষ্টিত এতিয়াও প্ৰ‍াৰ্থী ঘোষণা কৰা নাই দলটোৱে ।

bjp-announced-candidate-list-for-kaac-election-2022
KAAC election 2022: বিজেপিৰ বহু প্ৰত্যাশিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

উক্ত তালিকাখনত উল্লেখিত প্ৰাৰ্থীসকল ক্ৰমে দুৱাৰ আমলাত প্ৰভাত চন্দ্ৰ তাৰ', আমৰিত ডি উফিং মাছলাই, চিন্ঠংত অভিজিত ক্ৰ, (নতুন মুখ), ছচেংত হেডছিং ৰংফাৰ(নতুন মুখ), ৰংখাং লংবিচন বে',(নতুন মুখ), বিথুং ৰেংথামাত ড৹ তুলিৰাম ৰংহাঙ, কপিলীত পৱন কুমাৰ, হামৰেণত মঙলচিং তিমুঙ, আমৰেঙত ৰীণা তেৰাঙপী ৷

একেদৰে লাংফেৰত মধুৰাম লেকথে(নতুন মুখ), ফুলনিত কাংবুৰা কিলিং, (নতুন মুখ), লাংহিনত বিলি মোহন খাকলাৰী, (নতুন মুখ), কৰকাণ্ঠিত ৰাজু তিচ', মহামায়াত লুণছিং টেৰণ, নমাটিত ৰিতেশ ইংহি, ছচেং ধেণ্টাত কাচে ৰংপিপী, লুম্বাজঙত জনী তিমুঙ (নতুন মুখ), ধনশিৰিত তিলোত্তমা হাঞ্চু (নতুন মুখ), সিংহাসনত অমৰছিং তিচ, বৰজানত সুৰ্য ৰংফাৰ, সৰু পথাৰত কাদম তেৰাঙপী (নতুন মুখ) ৷

আনহাতে বোকাজানত মাধুৰ্য ঢেকিয়াল ফুকন, দেওপানীত শ্ৰাৱন তেলেঙ্গা ( নতুন মুখ ), নিলীপত পৱিত্ৰ ৰংপি, আৰু দুৱাৰ বাগৰি পৰিষদীয় সমষ্টিত ৰিচাৰ্ড টকবীয়ে প্ৰাৰ্থীত্ব লাভ কৰে ৷

bjp-announced-candidate-list-for-kaac-election-2022
KAAC election 2022: বিজেপিৰ বহু প্ৰত্যাশিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

উল্লেখ্য যে, উক্ত তালিকাখনত বিজেপিৰ কেইবাগৰাকী প্ৰভাৱশালী নেতাৰ নাম বাদ পৰাৰ বিপৰীতে কেইবাগৰাকীও নতুন যুৱ নেতাই স্থান পাইছে ৷ আশ্চৰ্যজনকভাৱে কাৰ্বি শান্তি চুক্তিৰ পিছত কেইবাগৰাকীও প্ৰাক্তন উগ্ৰপন্থী নেতাই গেৰুৱা দলটোত যোগদান কৰি অৱশেষত সমাগত পৰিষদীয় নিৰ্বাচনত 6 টাকৈ আসন দাবী কৰি শাসকীয় দল বিজেপিৰ প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰিও মূৰকত প্ৰাৰ্থী হাই কামাণ্ডৰ নজৰত বিবেচিত নহ'ল ৷

ইফালে, শনিবাৰে বিজেপি দলৰ প্ৰাৰ্থী তালিকাখন প্ৰকাশ পোৱাৰ পিছত সম্প্ৰতি দলটোৰ মাজত কি ক্ৰিয়া-প্ৰতিক্ৰিয়া সৃষ্টি হয় সেয়া বৰ্তমান সময়ত লক্ষণীয় হৈ পৰিছে ৷

লগতে পঢ়ক : KAAC election 2022: এএছডিচিৰ ১৯ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

Last Updated :May 22, 2022, 1:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.