ETV Bharat / state

‘এক আঁচনি-এক গোট আৰু এক ঠিকাদাৰ’ নীতিৰে বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাটো অসম্ভৱ: মুহি বৰগোঁহাই

author img

By

Published : May 22, 2022, 9:51 AM IST

Updated : May 22, 2022, 11:51 AM IST

বৰ্তমানেও আধৰুৱা হৈ আছে ২০২০-২১ আৰু ২০২১-২০২২ বর্ষত বিভিন্ন শিতানৰ মুঠ ১৭২৮.৫৬ কোটি টকাৰে আৰম্ভ কৰা মুঠ ৪৭৭ খন আঁচনিৰ কাম । ২০২১ চনৰ বাৰিষাত কোনোমতে ৰক্ষা পৰা মথাউৰিসমূহৰ নিৰ্মাণৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই । এই দাবী সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থাৰ(All Assam Water Resources Contractors Association press meet) ৷

all-assam-water-resources-contractors-association-press-meet-in-guwahati
'এক আঁচনি-এক গোট আৰু এক ঠিকাদাৰ' নীতিৰ দ্বাৰা বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাটো অসম্ভৱ : মুহি বৰগোঁহাই

গুৱাহাটী , ২২ মে : 'এক আঁচনি-এক গোট আৰু এক ঠিকাদাৰ' নীতিৰ দ্বাৰা বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাটো অসম্ভৱ ৷ সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থাই শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি কৰে এই মন্তব্য(All Assam Water Resources Contractors Association press meet) ৷

উক্ত সংবাদমেলৰ জৰিয়তে সভাপতি মুহি বৰগোঁহাই (President of All Assam Water Resources Contractors Association) কয় যে, "বৃহৎ পেকেজৰ দ্বাৰা 'এক আঁচনি - এক গোট আৰু এক ঠিকাদাৰ' নীতিৰ দ্বাৰা যে বাৰিষাৰ পূৰ্বে কাম সম্পূৰ্ণ কৰিব পৰা নাযায় সেয়া বিগত দুটা বাৰিষাৰ সময়ত প্ৰমাণিত হৈছে । অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰীয়ে বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছিল ৷

সভাপতি মুহি বৰগোঁহাই কয় যে, ২০২১ বর্ষত মন্ত্ৰী পীযুষ হাজৰিকাই জলসম্পদ বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰি অৰ্ধনিৰ্মিত মথাউৰিসমূহ পৰিদৰ্শন কৰি পদক্ষেপ গ্ৰহণ কৰে ৷ অৱশ্যে অনুকূল বতৰৰ বাবে ২০২১ চনৰ বাৰিষাত কেইবাটাও মথাউৰি কোনোমতে ৰক্ষা পৰিছিল ৷ কিন্তু এই মথাউৰি সমূহৰ পুনঃনিৰ্মাণৰ আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল ।"

'এক আঁচনি-এক গোট আৰু এক ঠিকাদাৰ' নীতিৰ দ্বাৰা বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাটো অসম্ভৱ : মুহি বৰগোঁহাই

২০২০-২১ আৰু ২০২১-২০২২ বর্ষত বিভিন্ন শিতানৰ মুঠ ১৭২৮.৫৬ কোটি টকাৰে আৰম্ভ কৰা মুঠ ৪৭৭ খন আঁচনিৰ কাম বৰ্তমানেও আধৰুৱা হৈ আছে । আনহাতে কিছুদিন পূৰ্বে নলবাৰী সংমণ্ডলত আমানতৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগত শৈলেন কলিতাৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায় সন্থাই ।

আনহাতে, সন্থাই মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক চাৰিটা দাবী ক্ৰমে- বাৰিষাৰ পূৰ্বে সকলো কাম সম্পূৰ্ণ কৰাৰ সময়সীমা বান্ধি দি সৰু-বৰ সকলো ঠিকাদাৰক কাম জে ভি পদ্ধতিৰে ভাগ কৰি দিয়া, কামৰ আমানত ধনৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা, কেন্দ্ৰীয় চৰকাৰৰ এফ এম পি শিতানৰ সমগ্ৰ পুঁজি আগন্তুক ছেপ্টেম্বৰ মাহৰ ভিতৰত আদায় দিয়া আৰু দীৰ্ঘদিন ধৰি অনাদায় হৈ থকা এছ ডি আৰ এফ শিতানৰ পুঁজি আগন্তুক জুন মাহৰ ভিতৰত আদায় দিয়াৰ কথা সভাপতি মুহি বৰগোঁহাই উল্লেখ কৰে ।

লগতে পঢ়ক : পাৰ্কিং মাচুল আদায়ত নিষেধাজ্ঞা গুৱাহাটী পৌৰ নিগমৰ

Last Updated :May 22, 2022, 11:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.