ETV Bharat / state

জিলা ন্যায়িক আদালতলৈ উন্নীতকৰণ বিশ্বনাথৰ মহকুমা ন্যায়িক আদালতক

author img

By

Published : May 22, 2022, 8:55 AM IST

বিশ্বনাথৰ মহকুমা ন্যায়িক আদালতক শনিবাৰৰ পৰা পূৰ্ণাংগ পৰ্যায়ত জিলা ন্যায়িক আদালত হিচাপে উন্নীতকৰণ (Inauguration of Full Fledged District Judiciary) । অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika) ।

inauguration of the Full Fledged District Judiciary by Pijush Hazarika in Biswanath
জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

বিশ্বনাথ, 22 মে’: বিশ্বনাথ মহকুমা আদালতক পূৰ্ণাংগ পৰ্যায়ৰ মুখ্য ন্যায়িক দণ্ডাধীশ আৰু জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতলৈ উন্নীত কৰা হয়(Inauguration of Full Fledged District Judiciary) ৷ শনিবাৰে বিশ্বনাথ মহকুমা আদালতক পূৰ্ণাংগ পৰ্যায়ৰ মুখ্য ন্যায়িক দণ্ডাধীশ আৰু জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত উন্নীত কৰে গুৱাহাটী উচ্চ জিলা ন্যায়ালয়ৰ (Gauhati High Court) বিচাৰপতি অজিৎ বৰঠাকুৰে (Justice Ajit Borthakur) ।

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika) । অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী হাজৰিকাই ‘‘এতিয়া জিলাবাসীৰ বহু সুবিধা হ'ব, বহু সমস্যা সমাধান হ'ব জনসাধাৰণৰ’’ বুলি মন্তব্য কৰে ৷ তেওঁ ন্যায়ালয়ে ন্যায় ব্যৱস্থাক ক্ষীপ্ৰতৰ কৰি তুলিব আৰু ইয়াৰ ফলত জিলাখনৰ ভুক্তভোগী পৰিয়াল বহু উপকৃত হ'ব বুলি উল্লেখ কৰে ।

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

এই কাৰ্যসূচীত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক নবীন সিং, শোণিতপুৰ জিলাৰ ন্যায়াধীশ চত্ৰ ভূষণ গগৈ , বিশ্বনাথ বাৰ এছ’চিয়েশ্যনৰ সভাপতি বকুল আজাদ তেজপুৰ বাৰ এছ’চিয়েশ্যনৰ সভাপতি জামিনি বৈশ্য তথা বিশিষ্ট অধিবক্তাসকল উপস্থিত থাকে ।

ইফালে সাংবাদিকে বৰ্তমান চৰ্চিত কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ (Rajiv Bhawan to be commercial complex) সন্দৰ্ভত প্ৰশ্ন কৰাত মন্ত্ৰী হাজৰিকাই কয়, ‘‘কংগ্ৰেছৰ সভাপতি হ'লেই ৰাজীৱ ভৱনৰ পইচা মাৰে ৷ এনে বহু উদাহৰণ আগৰ পৰাই আছে ৷ ভূপেন বৰা ডাঙৰীয়াই সেই দুৰ্নামত নপৰিবলৈ মই তেওঁক অনুৰোধ জনাইছো ৷’’

তেওঁ লগতে দলটোক কটাক্ষ কৰি কয় যে, ‘‘ৰাজনীতি ত্যাগ কৰি এতিয়া ব্যৱসায়ত নামিছে কংগ্ৰেছ ৷ তেওঁলোকে ব্যৱসায় কৰিব পাৰিব কিন্তু ৰাইজৰ মাজলৈ যাব নোৱাৰে ৷ কেইটামান টকা পইচা ঘটিব পাৰিব কিন্তু ৰাইজৰ মনত স্থান পাব নোৱাৰে ৷ ইমান বেয়া দিন আহিব তেওঁলোকৰ আৰু কেতিয়াও চৰকাৰ নহয় ৷ মানুহে আৰু কেতিয়াও তেওঁলোকক সহায় নকৰে ৷ গতিকে তেওঁলোকে যদি ব্যৱসায় কৰিব বিচাৰিছে আৰু তাৰপৰা যদি চলিব পাৰে ভাল কথা’’ বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই ।

লগতে পঢ়ক : কংগ্ৰেছে ভাড়া লৈ চলিব পাৰিব, কিন্তু ৰাইজৰ মন জয় কৰিব নোৱাৰে: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.