ETV Bharat / city

ছিকিমত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয় : সৰ্বানন্দ সোণোৱাল

author img

By

Published : May 22, 2022, 10:11 AM IST

ছিকিমত হিমালয়ান লোকসকলৰ পৰম্পৰাগত আৰু প্ৰাচীন ঔষধ পদ্ধতি সোৱা ৰিগ্পা চিকিৎসা পদ্ধতি সন্দৰ্ভত ৰাষ্ট্ৰীয় কৰ্মশালাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । আয়ুষ মন্ত্ৰালয়ে (Ministry of Ayush)উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ ফলত ভাৰতীয় পৰম্পৰাগত চিকিৎসা খণ্ড ত্বৰান্বিত হৈছে । গেংটকৰ নামগ্যাল তিবেত'ল'জী প্ৰতিষ্ঠানত সোৱা ৰিগ্পা ভৱনৰ উদ্বোধন ।

international-yoga-and-naturopathy-college-will-set-up-in-sikkim
ছিকিমত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয় : সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ২২ মে' : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ছিকিমত (Union Minister Sarbananda Sonowal in Sikkim)সোৱা ৰিগ্পা, আয়ুৰ্বেদ আৰু নেচাৰোপেথীকে ধৰি পৰম্পৰাগত ঔষধি তথা চিকিৎসা প্ৰণালীৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰে (International Yoga and Naturopathy College in Sikkim) ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছিকিমত হিমালয়ান লোকসকলৰ পৰম্পৰাগত আৰু প্ৰাচীন ঔষধ পদ্ধতি সোৱা ৰিগ্পা সন্দৰ্ভত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণ কৰি কেতবোৰ ঘোষণা কৰে ।

International Yoga and Naturopathy College will set up in Sikkim
ছিকিমত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয় : সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি কয় যে ছিকিমত এখন আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্রাকৃতিক চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব । যিয়ে উত্তৰ-পূব ভাৰতৰ চিকিৎসা পর্যটন খণ্ডক এক নতুন গতি প্ৰদান কৰিব । জনসাধাৰণৰ মাজত সোৱা ৰিগ্পা গুৰুত্বক প্রাধান্য দি ছিকিমত ৩০ খন বিছনাযুক্ত সোৱা ৰিগ্পা চিকিৎসালয় স্থাপন কৰা হ'ব বুলিও তেওঁ কয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছিকিমত উপগ্ৰহ প্ৰতিষ্ঠান কাৰ্যসূচীৰ অধীনত এখন আয়ুর্বেদ চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যখনৰ প্ৰতিটো গাঁও পঞ্চায়ত পৰ্যায়ত যোগ আৰু সুস্থতা কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰে ।

International Yoga and Naturopathy College will set up in Sikkim
ছিকিমত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয় : সৰ্বানন্দ সোণোৱাল

অঞ্চলটোত আয়ুষভিত্তিক বিকাশৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আয়ুষ মন্ত্ৰালয়ে সোৱা ৰিগ্পাৰ বাবে আছুতীয়া গৱেষণা পৰিষদ গঠনৰ সম্ভাৱনাৰ বিষয়ে অন্বেষণ কৰি আছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভার্চুৱেলী গেংটকৰ নামগ্যাল তিবেত'ল'জী প্ৰতিষ্ঠানত সোৱা ৰিগ্পা ভৱনৰ উদ্বোধন কৰে ।

International Yoga and Naturopathy College will set up in Sikkim
ছিকিমত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয় : সৰ্বানন্দ সোণোৱাল

এই ৰাষ্ট্ৰীয় কৰ্মশালাত ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । আনহাতে এই অনুষ্ঠানত উপস্থিত থাকে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ তথা আয়ুষৰ ৰাজ্যিক মন্ত্ৰী ড° মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাই, ছিকিমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড° মণি কুমাৰ শৰ্মা প্ৰমুখ্যে জ্যেষ্ঠ বিষয়া আৰু অন্যান্য বিশিষ্ট ব্যক্তি ।

International Yoga and Naturopathy College will set up in Sikkim
ছিকিমত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয় : সৰ্বানন্দ সোণোৱাল

উল্লেখ্য় যে, ছিকিমৰ গেংটকত আয়ুষ মন্ত্ৰালয়ৰ অধীনত নামগ্যাল তিবেত'ল'জী প্ৰতিষ্ঠানৰ সহযোগত ৰাষ্ট্ৰীয় সোৱা ৰিগ্পা প্ৰতিষ্ঠানৰ দ্বাৰা দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে । ইফালে, কৰ্মশালাত সোৱা ৰিগ্পা ঔষধ প্ৰণালীৰ অনুশীলনকাৰী, শিক্ষাবিদ, শিক্ষার্থী আৰু অন্যান্য অংশীদাৰসকলেও অংশগ্ৰহণ কৰে ।

ছিকিমত হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয় : সৰ্বানন্দ সোণোৱাল

উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, প্ৰাকৃতিক চিকিৎসা পদ্ধতিৰে মানৱ স্বাস্থ্য আৰোগ্য কৰাৰ দিশত ছিকিমৰ লগতে সমগ্ৰ উত্তৰ-পূর্বাঞ্চলে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । সেয়েহে অঞ্চলটোৰ আয়ুষ খণ্ডৰ বিকাশত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে বিশেষ প্রাধান্য দিছে । উত্তৰ-পূৰ্বাঞ্চলৰ এই সুযোগ-সম্ভাৱনাসমূহক জনসাধাৰণৰ হিতৰ বাবে প্ৰয়োগ কৰিব লাগিব আৰু বিশ্বজুৰি সমাদৃত ভাৰতৰ পৰম্পৰাগত চিকিৎসা প্ৰণালীক অধিক ত্বৰান্বিত কৰিব লাগিব বুলি তেওঁ কয় ।

লগতে পঢ়ক : পোহৰলৈ আহিছে কৃষ্ণনগৰৰ বিক্ৰমপুৰত সংঘটিত হত্যাকাণ্ডৰ বহু ন ন তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.