ETV Bharat / state

পোহৰলৈ আহিছে কৃষ্ণনগৰৰ বিক্ৰমপুৰত সংঘটিত হত্যাকাণ্ডৰ বহু ন ন তথ্য

author img

By

Published : May 21, 2022, 10:01 PM IST

গুৱাহাটীৰ জাপৰিগোগস্থিত কৃষ্ণনগৰৰ বিক্ৰমপুৰত সংঘটিত হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য(Sensational murder at Vikrampur in Japrighog) । সময় পাৰ হোৱাৰ লগে লগে এই হত্যাকাণ্ডৰ সন্দৰ্ভত পোহৰলৈ আহিছে বহু নতুন তথ্য । ইফালে শনিবাৰে আদালতে হেমধৰ বৰুৱাৰ হত্যাৰ অভিযুক্ত ধৰণী ডেকা আৰু তেওঁৰ পত্নী ৰিমী ডেকাক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰুিছে ।

new information on the murder in vikrampur in krishnanagar
কৃষ্ণনগৰৰ বিক্ৰমপুৰত সংঘটিত হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ

গুৱাহাটী,২১ মে': গুৱাহাটীৰ জাপৰিগোগস্থিত কৃষ্ণনগৰৰ বিক্ৰমপুৰত সংঘটিত হোৱা হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে(Many new facts have emerged of Krishnanagar murder case) । ধৰণী ডেকাৰ ড্ৰাগছ আসক্ত পুত্ৰই হেমধৰ বৰুৱাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে বৰুৱাৰ পৰিয়ালৰ লোকে । তেওঁলোকে অভিযোগ কৰি কয় যে ড্ৰাগছ আসক্ত পুত্ৰক বচাবলৈ ধৰণী ডেকাই হত্যা কৰা বুলি স্বীকাৰ কৰিছে ।

আনহাতে বৰুৱাৰ পৰিয়ালৰ লোকৰ এই অভিযোগ নস্যাৎ কৰিছে ধৰণী ডেকাই । তেওঁ সংবাদমাধ্যমৰ আগত কয় যে পুত্ৰই নহয় মই হত্যা কৰিছো । আনহাতে হেমধৰ বৰুৱাৰ পুত্ৰ প্ৰশান্ত বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে দেউতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য নহয় । মিছা অভিযোগ প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যমলৈ অনুৰোধ জনাই কয় যে কিয়, কেনেকৈ এই ঘটনা সংঘটিত হ'ল সেয়া আৰক্ষীৰ তদন্তত ওলাব, মই এজাহাৰ দাখিল কৰিছোঁ ।

কৃষ্ণনগৰৰ বিক্ৰমপুৰত সংঘটিত হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ

এই সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে । উল্লেখ্য যে শুক্ৰবাৰে বিক্ৰমপুৰৰ ৪৫ নম্বৰ বাসগৃহত মালিক হেমধৰ বৰুৱাক দাৰে ঘপিয়াই হত্যা কৰিছিল ভাড়াতীয়া ধৰণী ডেকাই । হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰি ধৰণী ডেকা আৰু তেওঁৰ পত্নীয়ে দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছিল ।

উল্লেখ্য যে হেমধৰ বৰুৱাই ধৰণী ডেকাৰ পত্নীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত হত্যা কৰা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে । ইফালে মৃত হেমধৰ বৰুৱাৰ পুত্ৰ প্ৰশান্ত বৰুৱাই দিছপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ 120(B)/302 ধাৰাত ১১২৪/২২ নম্বৰত গোচৰ ৰুজু কৰা হয় (Sensational murder at Vikrampur in Japrighog) ।

সেইমৰ্মে শণিবাৰে ধৰণী ডেকা আৰু তেঁওৰ পত্নীক শনিবাৰে আদালতত হাজিৰ কৰোৱা হয় আৰু হেমধৰ বৰুৱা হত্যাকাণ্ডৰ অভিযুক্ত ধৰণী ডেকা আৰু তেওঁৰ পত্নী ৰিমী ডেকাক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, পাঁচ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাইছিল দিছপুৰ থানাৰ আৰক্ষীয়ে ।

লগতে পঢ়ক: Tense Situation at Batadrava: উত্তেজিত লোকে জ্বলাই দিলে বটদ্ৰৱা আৰক্ষী থানা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.