ETV Bharat / state

চেঙাজান গোৱালা গাঁৱত তীব্ৰ গতিত চলি আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ তাণ্ডৱ

author img

By

Published : May 22, 2022, 10:32 AM IST

চেঙাজান গোৱালা গাঁৱত তীব্ৰ গতিত চলি আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ তাণ্ডৱ ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াত উছন হৈছে নৈপৰীয়া ৰাইজৰ ঘৰ-কৃষিভূমি (Brahmaputra River Erosion in Jonai) ৷ আপোন ঘৰখন এৰি আন ঠাইলৈ ঢাপলি মেলিছে গাঁওখনৰ বহু পৰিয়াল ।

Brahmaputra River Erosion at jonai
চেঙাজান গোৱালা গাঁৱত তীব্ৰ গতিত চলি আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ তাণ্ডৱ

জোনাই, 22মে': জোনাই ৰাজহ চক্ৰৰ চেঙাজান গোৱালা গাঁৱত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । গাঁৱখনত এতিয়া দিনে-নিশাই চপৰা-চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা (Brahmaputra River Erosion) । ইতিমধ্যে এই খহনীয়াৰ ফলত গাঁৱখনৰ কেইবাটাও কৃষিজীৱী পৰিয়ালৰ ঘৰ-ভেঁটি উছন হৈছে ৷

ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰাখহনীয়াৰ কবলত সৎনাৰায়ণ মালা, বিজয় শঙ্কৰ মালা, ৰাজদেউ মালা, বৰষা মালা, সুমিত্ৰা মালা, ৰাজকুমাৰ মালা, চিউমূৰৎ যাদৱ, ৰামলাল যাদৱ, জয়নাৰায়ণ যাদৱ, কাশী যাদৱ, চিউজী যাদৱ, ৰাজেন্দ্ৰ যাদৱ,যোগেশ যাদৱৰ পৰিয়ালসমূহৰ ঘৰবাৰী জাহ যায় ৷ ফলত টালি-টোপোলা লৈ এই লোকসকল আন নিৰাপদ ঠাইত আশ্ৰয় লৈছে ।

চেঙাজান গোৱালা গাঁৱত তীব্ৰ গতিত চলি আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ তাণ্ডৱ

তৎকালীনভাৱে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চেঙাজান গোৱালা গাঁৱৰ অৱশিষ্ট পৰিয়ালসমূহৰ ঘৰ-ভেঁটি, কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত উছন যোৱাটো নিশ্চিত হৈ পৰিছে । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই নীৰৱ ভূমিকা অৱলম্বন কৰাত এই অঞ্চলত বসবাস কৰা লোকসকলে আতংকত দিন পাৰ কৰিবলগীয়া হৈছে ।‌ প্ৰতি মুহূৰ্তত বাঢ়িছে বিপদ ।

অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে স্থানীয় ৰাইজে । ইপিনে জোনাই ৰাজহ চক্ৰৰ চমকং গাঁও পঞ্চায়তৰ লালী আৰু ব্ৰহ্মপুত্ৰৰ বক্ষত অৱস্থিত সৌৰাংশ্ৰী গাঁৱতো বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ।

লগতে পঢ়ক : Erosion at Baghbar: মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনালে বড়ো মাতৃসকলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.