ETV Bharat / state

থানা জ্বলোৱাৰ লগত জড়িত কাকো ৰেহাই দিয়া নহ’ব : পীযুষ হাজৰিকা

author img

By

Published : May 22, 2022, 10:43 AM IST

বটদ্ৰৱা থানা জ্বলাই দিয়া কাৰ্যত জড়িত তিনিজনক আটক (Three arrested for burning Batdrava police station)। বটদ্ৰৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ । তেওঁৰ মতে কাকো ৰেহাই দিয়া নহ'ব ।

Batdrava
থানা জ্বলোৱা কাৰ্যত জড়িত কাকো ৰেহাই দিয়া নহ'ব

নগাঁও,২২ মে' : নগাঁৱৰ বটদ্ৰৱাত সংঘটিত শনিবাৰৰ ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সম্প্ৰতি উত্তেজনা অব্যাহত আছে বটদ্ৰৱা অঞ্চলত (Tense Situation at Batadrava)। বটদ্ৰৱা থানা জ্বলাই দিয়া কাৰ্যত (Public sets fire in police station) জড়িত তিনিজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । আটকাধীন লোক কেইগৰাকী ক্ৰমে মজিবুৰ ৰহমান, ৰফিকুল ইছলাম আৰু আনুৱাৰ হুছেইন বুলি জানিব পৰা গৈছে ।

ইফালে তিনিওগৰাকী অভিযুক্ত জুৱা খেলকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত বুলি জানিব পৰা গৈছে । নিশা নগাঁও সদৰ আৰক্ষী থানাতে তেওঁলোকক জেৰা চলোৱা হৈছে । আনহাতে থানা জ্বলোৱা ঘটনাত জড়িত বাকীসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

সমান্তৰালকৈ মৃত যুৱকজনৰ পৰিয়ালৰ পৰা ধন দাবী কৰাৰ অভিযোগত বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈক নিলম্বন কৰিছে অসম আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই । ইয়াৰ মাজতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আৰক্ষী থানা জ্বলাই দিয়াৰ দৰে ঘটনা কেতিয়াও সহ্য নকৰে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে । ঘটনাত জড়িত আটাইকেইজন অপৰাধীয়েই উচিত শাস্তি পাব বুলিও তেওঁ মন্তব্য কৰে ।

মন্ত্ৰী পীযুষ হাজৰিকা

উল্লেখ্য যে শনিবাৰে এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱাত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । একাংশ লোকে অভিযোগ কৰা মতে আৰক্ষীয়ে যুৱকজনৰ পৰা হাঁহ আৰু দহ হাজাৰ টকা উৎকোচ বিচাৰিছিল । কিন্তু ৰহস্যজনকভাৱে থানাতে যুৱকজনৰ মৃত্যু হয় (Youth dead in police custody at Batadrava)।

থানা চৌহদৰ ভিতৰতে মৰিয়াই মৰিয়াই যুৱকজন আৰক্ষীয়ে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । ইয়াৰ পাছতে একাংশ উত্তেজিত লোক থানাত আক্ৰমণ কৰে । আৰক্ষীক প্ৰহাৰ কৰাৰ লগতে থানাত অগ্নিসংযোগ কৰে (Mob burns down Batadrava Police Station in Assam)। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে এতিয়াও তীব্ৰ উত্তেজনা অব্যাহত আছে ।

লগতে পঢ়ক :Mob torches Police Station: বটদ্ৰৱা থানাত আক্ৰমণৰ লগত জড়িত কেইবাজনকো আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.