ETV Bharat / state

Government employee suspended: কিশোৰী নিৰ্যাতনৰ অভিযোগত নিলম্বিত জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:51 PM IST

Updated : Aug 31, 2023, 9:42 PM IST

তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে নিলম্বন কৰিছে কাৰ্যালয়ৰ নজৰ শাখাৰ কৰ্মচাৰীৰ ৱাজিদ হুছেইনক ৷ ৱাজিদ হুছেইনৰ বিৰুদ্ধে এগৰাকী কিশোৰীক নিৰ্যাতন চলোৱাৰ লগতে বনকৰা আদিবাসী কিশোৰীকো ধৰ্ষণ কৰাৰ অভিযোগ ৷ বৰ্তমান পলাতক হৈ আছে ৱাজিদ হুছেইনৰ লগতে তেওঁৰ পৰিয়াল ।

Government employee suspended
কিশোৰী নিৰ্যাতনৰ অভিযোগত নিলম্বিত জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ৱাজিদ হুছেইন

তিনিচুকীয়া, ৩১ আগষ্ট: তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ৱাজিদ হুছেইনক বৃহস্পতিবাৰে চাকৰিৰ পৰা নিলম্বন কৰে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে ৷ জিলা আয়ুক্তই প্ৰথমে ৱাজিদ হুছেইনক শ্ব’কজ দিছিল যদিও আয়ুক্তৰ শ্ব’কজৰ কোনো প্ৰত্যুত্তৰ নিদিয়াত আজি চাকৰিৰ পৰা নিলম্বন কৰে ৱাজিদ হুছেইনক ৷

Government employee suspended
তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ৱাজিদ হুছেইন

এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত ৱাজিদ হুছেইনৰ বিৰুদ্ধে তিনিচুকীয়া সদৰ আৰক্ষী থানাত POCSO আইনৰ অধীনত U/S 166A/342/354A/506/509/34 IPC R/W Sec 8/17/18 ৰুজু হৈ আছে গোচৰ ৷ তাৰ পাচৰপৰা বৰ্তমান পৰ্যন্ত পলাতক হৈ আছে ৱাজিদ হুছেইনৰ লগতে তেওঁৰ পৰিয়াল ।

উল্লেখযোগ্য যে, জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ ৱাজিদ হুছেইনৰ বিৰুদ্ধে তিনিচুকীয়া প্ৰেছ ক্লাৱত গোচৰীয়াৰ হৈ বুধবাৰে এক সংবাদমেল সম্বোধন কৰিছিল ৷ গোচৰীয়া পক্ষই সংবাদমেলত ৱাজিদ হুছেইনে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ লগতে ঘৰত কামকৰা আন এগৰাকী আদিবাসী যুৱতীকো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে ৷

গোচৰীয়া পক্ষই জানিব দিয়া অনুসৰি ৱাজিদ হুছেইনৰ বিৰুদ্ধে ইতিমধ্যে দুই কিশোৰীয়ে তিনিচুকীয়া সদৰ আৰক্ষী থানাত জবানবন্দী দিছে ৷ দুই কিশোৰীৰ জবানবন্দীৰ ওপৰত ভিত্তি কৰে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে পলাতক ৱাজিদ হুছেইনক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ ৱাজিদ হুছেইনে গোচৰীয়া পক্ষকো বিভিন্ন সময়ত ভয়-ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ তুলিছে গোচৰীয়া পক্ষই ৷

উল্লেখ্য যে, ৱাজিদ হুছেইনৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ লগতে ইয়াৰ পূৰ্বেও বহুকেইটা গোচৰ আৰক্ষী থানাত ৰুজু হৈ আছে ৷ কিন্তু কোনো প্ৰভাৱশালী ব্যক্তিৰ আৰ্শীবাদপুষ্ট ৱাজিদ হুছেইনে আইনৰ সুৰুঙা লৈ প্ৰতিবাৰেই সাৰি আহিছে বুলি সংবাদমেলত উল্লেখ কৰে অভিযোগকাৰী পক্ষই ৷

লগতে পঢ়ক: College Principal Suspended: নাৰায়ণপুৰৰ খেৰাজখাত মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ কল্পনা গোস্বামীক নিলম্বন

Last Updated :Aug 31, 2023, 9:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.