College Principal Suspended: নাৰায়ণপুৰৰ খেৰাজখাত মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ কল্পনা গোস্বামীক নিলম্বন

By

Published : Jul 15, 2023, 6:49 PM IST

thumbnail

বিহপুৰীয়া, 15 জুলাই : শনিবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজখাত মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ কল্পনা গোস্বামীক চাকৰিৰ পৰা নিলম্বন কৰা হয় ৷ ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে শুকুৰবাৰে এক নিৰ্দেশ যোগে মহাবিদ্যালয়খনৰ অধ্যক্ষাগৰাকীক নিলম্বনৰ কথা প্ৰকাশ কৰিছে । মহাবিদ্যলয়খনত দীৰ্ঘদিন ধৰি সংঘটিত হৈ অহা বিত্তীয় কেলেংকাৰীত অধ্যক্ষগৰাকী জড়িত আছিল অভিযোগ উত্থাপিত হৈছে ৷ 

বছৰ বছৰ ধৰি আধৰুৱা হৈ থকা ছাত্ৰী নিবাস, বিজ্ঞান ভৱন, ক্ৰীড়া ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতি, শিক্ষক কৰ্মচাৰীসকলক গুৰুত্বহীন কৰি অধ্যক্ষাগৰাকীয়ে অনিয়ম সংঘটিত কৰি আহিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ৷ এই অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ আৰু এন্টিক'ৰাপচন গোটে তদন্ত  চলাব বুলিও জানিব পৰা গৈছে ৷ ইতিমধ্যে মহাবিদ্যালয়খনৰ প্ৰবক্তা চন্দন শইকীয়াক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব ন্যস্ত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Laharighat electrical sub-division: বিদ্যুৎ মিটাৰ জ্বলাই দিবলৈ ৰাইজক প্ৰৰোচিত শক্তি বিভাগৰ কৰ্মচাৰীৰ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.