ETV Bharat / state

Murder in Kakopothar: কাকপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; আটক 2 জন

author img

By

Published : Mar 2, 2023, 10:01 AM IST

Kakopothar murder case
কাকপথাৰ ১ নং চেলেংগুৰীত হত্যাকাণ্ড

কাকপথাৰ ১ নং চেলেংগুৰীত অঘটন ৷ বুধবাৰে দিন দুপৰতে কোনো অচিনাক্ত দুৰ্বৃত্তই হানি খুচি হত্যা কৰিলে ভাইকন সোণোৱাল নামৰ এজন যুৱকক (Kakopothar murder case) ৷ লগতে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ৰাহুল বৰুৱা আৰু ৰাজীৱ কৰ্মকাৰ নামৰ দুজন যুৱকক আটক কৰাৰ লগতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

কাকপথাৰ ১ নং চেলেংগুৰীত হত্যাকাণ্ড

তিনিচুকীয়া, ২ মাৰ্চ : তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ ১ নং চেলেংগুৰীত বুধবাৰে দিনৰ প্ৰায় ১ বজাত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা (Kakopothar murder case) । এজন ব্যক্তিক হানি খুচি নিৰ্মমভাৱে হত্যা কৰে কোনো অচিনাক্ত দুৰ্বৃত্তই । কাকপথাৰ ১ নং চেলেংগুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা সংযুক্ত মুক্তি বাহিনীৰ(আলোচনা পন্থী) কাৰ্যালয়ৰ সমীপতে দুৰ্বৃত্তই দাৰে হানি-খুচি হত্যা কৰে ব্যক্তিজনক(Shocking murder at Kakopathar in Tinsukia) ৷ মৃত লোকজন ভাইকন সোণোৱাল বুলি জানিব পৰা গৈছে ৷

দিন দুপৰতে এগৰাকী লোকক নিৰ্মমভাৱে আক্ৰমণ কৰি হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ ইফালে এই ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় কাকপথাৰ আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ এটা দল ৷

তাৰ পাচতে আৰক্ষীৰ দলটোৱে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ লগতে ঘটনা সন্দৰ্ভত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৰাহুল বৰুৱা আৰু ৰাজীৱ কৰ্মকাৰ নামৰ দুজন যুৱকক আটক কৰি ডুমডুমা আৰক্ষী থানাত সোধাপোচা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Baksha Murder case: পত্নী আৰু খুলশালীয়েকে হত্যা কৰি কবৰস্থ কৰিলে লালচানক

অৱশ্যে কোনে, কিয় ভাইকন সোণোৱালক হত্যা কৰিলে সেই সন্দৰ্ভত জানিব পৰা নাই কোনো তথ্য (Kakopothar Brutal Murder Case) ৷ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, কাকপথাৰ ১ নং চেলেংগুৰীৰ ভাইকন সোণোৱাল বিগত সময়ত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল ৷ ড্ৰাগছৰ বাবেই এই হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হ’ল বুলি স্থানীয় ৰাইজে উল্লেখ কৰে ৷

সৰ্বজনবিদিত যে, তিনিচুকীয়া জিলাৰ সকলো দিশকে মাৰাত্মক ড্ৰাগছে ভয়াৱহভাৱে গ্ৰাস কৰি পেলাইছে ৷ ব্যতিক্ৰম নহয় অৰুণাচলৰ সীমান্ত কাকপথাৰৰ লগতে আন অঞ্চলসমূহো ৷ এনে সময়তে মাৰাত্মক ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত ভাইকন সোণোৱালক দিন দুপৰতে কোনো দুৰ্বত্তই চোকা অস্ত্ৰৰে হানি খুচি অতি নিৰ্মমভাৱে পথৰ কাষতে হত্যা কৰা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ । এই হত্যাকাণ্ড সন্দৰ্ভত চলোৱা আৰক্ষীৰ তদন্তৰ অন্তহে অৱশ্যে পোহৰলৈ আহিব হত্যাকাণ্ডৰ ঘটনাৰ সকলো তথ্য ৷

লগতে পঢ়ক : Raha toll plaza controversy: ৰহা টোলগেটত মাৰপিটৰ ঘটনা সন্দৰ্ভত 3 কৰ্মচাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.