Raha toll plaza controversy: ৰহা টোলগেটত মাৰপিটৰ ঘটনা সন্দৰ্ভত 3 কৰ্মচাৰীক গ্ৰেপ্তাৰ

By

Published : Mar 1, 2023, 10:56 PM IST

thumbnail

নগাঁও, 1 মাৰ্চ: ৰহা টোলগেটত মঙলবাৰে নিশা সংঘটিত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনা সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ ৷ উল্লেখ্য যে, আৰক্ষীয়ে আটক কৰিছিল টোল গেটৰ চাৰিগৰাকী কৰ্মচাৰীক ৷ আটকাধীন কৰ্মচাৰী কেইজন আছিল বিপুল বৰদলৈ, শংকৰ কুমাৰ, জয়ন্ত গগৈ আৰু বিনয় নাথ ৷ এই চাৰি অভিযুক্তৰ ভিতৰত শংকৰ কুমাৰ, জয়ন্ত গগৈ আৰু বিপুল বৰদলৈক আৰক্ষীয়ে টকা দাবী কৰা, শাৰীৰিক অত্যাচাৰ চোৱা আৰু হত্যাৰ চেষ্টা কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰে (Raha toll plaza attack)  ৷  

ঘটনা অনুসৰি মঙলবাৰে নিশা ৰহা টোলগেটত টোল প্ৰদান কৰা ৰচিদ বিচৰাৰ বাবে টোলগেটৰ কৰ্মচাৰীয়ে এটা পৰিয়ালক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷  আক্ৰমণৰ বলি হোৱা লোককেইজন হ'ল মৌলানা ফাৰুক আহমেদ, মোস্তাফা আহমেদ আৰু ৰায়হান আহমেদ । জানিব পৰা মতে গুৱাহাটীৰ পৰা এখন নতুন গাড়ী ক্ৰয় কৰি পৰিয়ালটো নিশা হোজাইলৈ আহি থকা অৱস্থাত ৰহা টোলগেটত কৰ দিয়া-নিদিয়াক লৈ দুয়োপক্ষৰ সংঘাত হয় । ফলত টোলগেটৰ উদণ্ড কৰ্মচাৰীৰ আক্ৰমণত আহত হয় পৰিয়ালটো (Tollgate staff thrashed passengers) ।  

ইফালে, টোলগেটৰ মেনেজাৰৰ ভাষ্যমতে হোজাইৰ পৰিয়ালটোৱে ম’বাইলত টোলগেটৰ ভিডিঅ’ কৰিব যোৱাৰ বাবেই সংঘাতৰ সৃষ্টি হয় । নিশা এই ঘটনাৰ পাচতে নগাঁও আৰক্ষীলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমৰ জৰিয়তে শীঘ্ৰে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল (Raha toll plaza controversy) ।  

আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ পাচতেই ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয় তৎপৰ হৈ পৰে । অসম আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত আৰক্ষীয়ে টোলগেটকাণ্ডৰ লগত জড়িত চাৰিজন টোলগেটৰ কৰ্মচাৰীক আটক কৰি পৰৱৰ্তী পৰ্যায়াত তিনিজনক গ্ৰেপ্তাৰ কৰে ৷ 

উল্লেখ্য় যে ২০১৫ চনৰ ১৬ এপ্ৰিলত ৰহাত এই টোল গেটখন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (National Highways Authority of India) আৰম্ভ কৰিছিল যদিও স্থানীয় ৰাইজ আৰু বিভিন্ন দল, সংগঠনৰ তীব্ৰ প্ৰতিবাদত দুদিনতে বন্ধ হৈছিল । স্থানীয় ৰাইজৰ আশংকা আছিল যে ৰহাৰ এই টোলগেটখন আৰম্ভ হলে সৰু যান-বাহনে প্ৰতিবাৰত অহা যোৱাৰ নামত ২০০ ৰ পৰা ৩০০ টকা আৰু লঘু বাণিজ্যিক বাহনসমূহে ৩০০ ৰ পৰা ৫০০ টকাকৈ কৰ টোলগেট কৰ্তৃপক্ষক আদায় দিব লাগিব । যাৰ বাবে দাম বাঢ়িব খাদ্য সামগ্ৰীকে ধৰি নগাঁও-গুৱাহাটীৰ মাজত চলাচল কৰা যান-বাহনৰ ভাড়া ।

লগতে পঢ়ক: Raha toll plaza controversy: ৰহা টোল প্লাজাৰ কৰ্মচাৰীৰ প্ৰহাৰত আহত ৩ আৰোহী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.