ETV Bharat / state

মৰমৰ প্ৰতিদান হিচাপে জখলাবন্ধাৰ হেমপ্ৰভাই মাতৃৰ নামত আৰম্ভ কৰিলে স্পাইৰেল পটেট’ৰ বিপণী - Subhadras Spiral Potato

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 8:55 PM IST

Subhadras Spiral Potato : মা আৰু সন্তানৰ মাজৰ নিভাঁজ প্ৰেমৰ চানেকী জখলাবন্ধাৰ সুভদ্ৰাজ স্পাইৰেল পটেট’ ৷ এগৰাকী যুৱতীয়ে নিজৰ সপোনৰ স্কুটীখন ক্ৰয় নকৰি মাতৃৰ নামত খুলি দিলে এই স্পাইৰেল পটেট’ৰ বিপণীখন ৷ তাকে সামৰি প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন ৷

SUBHADRAS SPIRAL POTATO
জখলাবন্ধাৰ এখন স্পাইৰেল পটেট’ৰ বিপণী (Etv Bharat Assam)

কলিয়াবৰ, 10 জুন : শেহতীয়াকৈ বহুচৰ্চিত দুটি শব্দ হৈছে স্পাইৰেল পটেট ৷ যাৰ সোৱাদ হয়তো নোলোৱা লোক খুব কমেইহে ওলাব ৷ পিছে স্পাইৰেল পটেট’ বুলিলেই আপোনালোকৰ মনলৈ নিশ্চয়কৈ আহে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত শাৰী শাৰীকৈ থকা খাদ্য সম্ভাৰৰ বিপণীসমূহৰ কথা ৷ য’ৰ প্ৰায় প্ৰতিখন বিপণীতে উপলব্ধ স্পাইৰেল পটেট’ ৷

পিছে আজি আমি আপোনালোকক গুৱাহাটীৰ নহয়, জখলাবন্ধাৰহে এখন স্পাইৰেল পটেট’ৰ বিপণীৰ কথা ক’ব বিচাৰিছো ৷ যাৰ নাম সুভদ্ৰাজ স্পাইৰেল পটেট’ ৷

সাধাৰণ দৃষ্টিত সুভদ্ৰাজ স্পাইৰেল পটেট’ এখন খাদ্য বিপণী যদিও তাৰ জন্মৰ আঁৰত আছে মা আৰু সন্তানৰ মাজৰ নিভাঁজ প্ৰেমৰ চানেকী ৷ যাৰ বাবে নিজৰ সপোনৰ স্কুটীখন ক্ৰয় নকৰি মাতৃৰ নামত খুলি দিলে এই স্পাইৰেল পটেট’ৰ বিপণীখন ৷ ৰ’ব যদি বুজাত অসুবিধা হৈছে আপোনাক লৈ গৈছো অতীতৰ এটা বছৰৰ দিশে ৷

আপোনাৰ চাগে মনত আছে যোৱা বছৰ বহাগৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে হেঁপাহৰ বিহুটিক বিশ্বৰ দৰবাৰলৈ নি অভিলেখ ৰচাৰ আগ্ৰহেৰে সৰুসজাইত অনুষ্ঠিত কৰিছিল বিহুৰ এক মেগা শ্ব’ ৷ আৰু পৰৱৰ্তী সময়ত এই শ্ব’ত অংশগ্ৰহণকাৰীসকলক প্ৰদান কৰিছিল মাননি ৷ যি মাননি লাভ কৰিছিল কলিয়াবৰৰ হেমপ্ৰভা বিশ্বাস নামৰ যুৱতীগৰাকীয়েও ৷ সেই প্ৰাপ্ত মাননিৰে এখন স্কুটি ক্ৰয় কৰাৰ সপোন দেখিছিল যুৱতীগৰাকীয়ে ৷

লগতে পঢ়ক: Spiral Potato:পকোৱা আলুৰ লগতে পাব পকোৱা কাঁচকল, জলকীয়া ৰাণীৰ নতুন প্ৰচেষ্টা

কিন্তু হঠাতে সলনি হোৱা মনে যুৱতীগৰাকীক অনুপ্ৰেৰণা যোগালে জীৱন-জীৱিকাত মাতৃক সহায় কৰিবলৈ ৷ বিহু নাচি চৰকাৰৰ পৰা লাভ কৰা 35,000 টকাৰে স্কুটী নলৈ মাতৃক সহায় কৰিবলৈ আগবাঢ়ি আহিল ৷ যাৰ বাবে নিজৰ সিদ্ধান্তৰ কথা মাতৃ-ভাতৃক কৰিলে অৱগত ৷ আৰু এনেকৈয়ে জখলাবন্ধাত আৰম্ভ হৈ গ’ল হেমপ্ৰভাৰ সপোনৰ সুভদ্ৰাজ স্পাইৰেল পটেট’ নামৰ বিপণীখন ৷

কলিয়াবৰ মহাবিদ্যালয়ত অধ্যয়নৰত যুৱতীগৰাকীয়ে এই বিপণীখনত মাতৃৰ সৈতে বিক্ৰী কৰে চাহ, তামোলকে ধৰি বিভিন্ন সামগ্ৰী ৷ সমান্তৰালকৈ বিহু নাচৰো চৰ্চা অব্যাহত ৰাখিছে হেমপ্ৰভাই ৷ এগৰাকী কম্পিউটাৰ শিক্ষক হিচাপেও নাম থকা যুৱতীগৰাকীৰ এই পদক্ষেপে আন দহজনক আগবাঢ়ি যাবলৈ যোগাইছে প্ৰেৰণা ৷

লগতে পঢ়ক: কৃষিকৰ্মৰে বছৰি ২০ লাখ টকা উপাৰ্জন কৰা জন কুম্বাং - Self Reliant Cultivator

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.