Spiral potato:পকোৱা আলুৰ লগতে পাব পকোৱা কাঁচকল, জলকীয়া ৰাণীৰ নতুন প্ৰচেষ্টা

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 3:49 PM IST

thumbnail

যোৰহাট, 20 ছেপ্টেম্বৰ : ব্যৱসায়ত নামিল অসমৰ জলকীয়া ৰাণী । সাত সাগৰ তেৰ নদী সিপাৰে সুদূৰ আমেৰিকাত ভোট জলকীয়া খাই বিশ্ব ৰেকৰ্ড গঢ়া জলকীয়া ৰাণী খ্যাত আনন্দিতাই আৰম্ভ কৰিছে ব্যৱসায় । এগৰাকী সহযোগীৰ সৈতে তিতাবৰৰ ষ্টেচন তিনি আলিত জলকীয়া ৰাণী খ্যাত আনন্দিতা দত্ত তামুলীয়ে আৰম্ভ কৰিছে SPIRAL POTATO ৰ ব্যৱসায় । নতুনকৈ আৰম্ভ কৰা ব্যৱসায়টোৰ নাম দিয়া হৈছে CHILLI QUEEN FOOD SPIRAL POTATO ।

ব্যৱসায় আৰম্ভ কৰি উৎফুল্লিত হৈ পৰা আনন্দিতাৰ মন্তব্য, ‘ মহিলাসকলনো কেলেই ঘৰত সোমাই থাকিব লাগে’ ৷ ঘৰতে সোমাই নাথাকি ব্যৱসায় কৰিবলৈ সকলোকে ওলাই আহিবলৈ আহ্বান জনায় আনন্দিতা দত্ত তামুলীয়ে । ভোট জলকীয়া খাই সমগ্ৰ বিশ্ববাসীৰ মৰম আদায় কৰাৰ আনন্দিতা দত্ত তামুলীয়ে তিতাবৰ নগৰত নতুনকৈ আৰম্ভ কৰা উক্ত ব্যৱসায় জৰিয়তে নাৰীৰ সৱলীকৰণ ছবিখন ফুটাই তুলিছে ৷ উল্লেখ্য যে, বৰ্তমান অসমীয়া যুৱক-যুৱতীসকলে চৰকাৰী চাকৰিলৈ আশা নকৰি বিভিন্ন ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ আগৱাঢ়ি যোৱা পৰিলক্ষিত হৈছে । এইয়া অসমীয়া জাতিৰ বাবে এক শুভ লক্ষণ ।

লগতে পঢ়ক : Spiral Potato in Sarupothar: সৰুপথাৰত দুই যুৱতীৰ স্বাৱলম্বিতাৰ নিদৰ্শন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.