ETV Bharat / state

Baksha Murder case: পত্নী আৰু খুলশালীয়েকে হত্যা কৰি কবৰস্থ কৰিলে লালচানক

author img

By

Published : Mar 1, 2023, 9:59 PM IST

বাক্সাত 2 মাহ 10 দিনৰ অন্তত নিখোজ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয় (Baksha Murder case)৷ হত্যাকাৰীয়ে নিজেই বৰ্ণনা দিলে শিহৰণকাৰী হত্যাকাণ্ডৰ সবিশেষ ......

Baksha Murder case
পত্নী আৰু খুলশালীয়ে হত্যা কৰিলে লালচানক

পত্নী আৰু খুলশালীয়ে হত্যা কৰিলে লালচানক

বাক্সা, 1 মাৰ্চ: ক্ৰমাৎ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে অসম ৷ ৰাজ্য কঁপাই যোৱা অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ বাক্সা জিলাত নৃশংস হত্যাকাণ্ডৰ অন্য এটা ঘটনা পোহৰলৈ আহিছে (Baksha Murder case) ৷ হত্যা কৰাৰ 2 মাহ 10 দিনৰ পিচত গাঁত খান্দি উলিওৱা হয় এটা মৃতদেহ (Baksha missing case) ৷

ঘটনাৰ বিৱৰণী অনুসৰি 2022 বৰ্ষৰ 18 ডিচেম্বৰৰ পৰা বাক্সা জিলাৰ শালবাৰী মহকুমাৰ উত্তৰ ভকুৱামাৰীৰ লালচান আলী নামৰ লোক এজন নিৰুদ্দেশ হৈ আছিল ৷ লালচান আলী নিৰুদ্দেশ হোৱাৰ পাছতে তেওঁৰ পৰিয়ালে গোৱৰ্দ্ধনা থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷ কিন্তু প্ৰথমাৱস্থাত আৰক্ষীয়ে নিৰুদ্দেশৰ ঘটনাটোক গুৰুত্ব প্ৰদান কৰা নাছিল ৷

দিন বাগৰি যোৱাৰ লগে লগে আৰক্ষীয়ে কোনো খবৰ দিব নোৱাৰা দেখি লালচানৰ ভাতৃৰ লগতে পৰিয়ালটো চিন্তিত হৈ পৰে ৷ উপায়হীন হৈ শেহতীয়াকৈ লালচানৰ ভাতৃ হাইদৰ আলীয়ে পুনৰ আৰক্ষীৰ কাষ চাপি ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰে ৷ এইবাৰ আৰক্ষীয়ে লালচানৰ পত্নীসহ দুই খুলশালীয়েকক সোধপোছৰ বাবে থানালৈ মাতি লৈ যায় ৷

আৰক্ষীয়ে কেইবাবাৰো সিহঁতক সোধা-পোচা কৰিছিল যদিও প্ৰাৰম্ভিক পৰ্যায়ত কোনো উত্তৰ দিয়া নাছিল ধৃত পত্নী আৰু খুলশালীয়েকদ্বয়ে ৷ অৱশেষত আৰক্ষীৰ হেঁচাত মঙলবাৰে লালচানৰ পত্নী আৰু দুই খুলশালীয়েক আহমদ আলী, হুচেইন আলীয়ে চুবুৰীয়া কাচেম খান আৰু আমীন আলীৰ লগত মিলি লালচানক হত্যা কৰা বুলি পোহৰলৈ আহে (Missing man killed by wife and brother in law) ৷ হত্যাৰ পিচতে দুৰ্গম স্থানত পুতি থৈছিল লালচানক ৷

লগে লগে আৰক্ষীয়ে বুধাবৰে বিয়লি হত্যাকাৰী আহমদ আলীক লগত লৈ শালবাৰী মহকুমাৰ অত্যন্ত দুৰ্গম এলেকা চামৰাংগুৰিৰ "ফৰিঙৰ বাগান" নামৰ জংঘলত অভিযান চলায় ৷ তাৰ পিচতে হত্যাকাৰী আহমদৰ ভাষ্য অনুসৰি আৰক্ষীৰ দলটোৱে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে দণ্ডাধীশৰ উপস্থিতিত গাঁত খান্দি লালচানৰ অৰ্ধগলিত মৃতদেহটো খান্দি উলিয়ায় ৷ আহমদে নিজেই আৰক্ষীৰ দলটোক দেখুৱাই দিয়ে লালাচানক পুতি থোৱা স্থান ৷ ইফালে এই হত্যাকাণ্ডৰ লগত শালবাৰী আমছুৰ সদস্য ৰহিম আলী নামৰ লোক এজনো জড়িত থকা সন্দেহ কৰে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি পত্নী আৰু দুই খুলশালীয়েকৰ লগত আছিল লালচান আলীৰ পাৰিবাৰিক সংঘাত সংঘটিত হৈ আছিল ৷ মাটি-বাৰীক লৈও শহুৰেকৰ ঘৰৰ লগত ভিতৰুৱা সংঘাত আছিল লালচান আলীৰ ৷ নৰসিংবাৰীত শহুৰেকৰ ঘৰ আছিল লালচানৰ ৷

মৃতদেহটো উদ্ধাৰৰ পিচতে আৰক্ষীয়ে মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে হত্যাৰ কাৰণ বিচাৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: BJP leader raped Girlfriend: প্ৰেমিকাক ধৰ্ষণ কৰি পলাতক বিজেপি নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.