তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন বায়ন সংস্থাৰ অধিৱেশনৰ সামৰণি
Published: Nov 19, 2023, 8:35 PM

তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন বায়ন সংস্থাৰ অধিৱেশনৰ সামৰণি
Published: Nov 19, 2023, 8:35 PM
তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন বায়ন সংস্থাৰ প্ৰথম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশনৰ সফল সামৰণি অনুষ্ঠান । দ্বিতীয় বৈকুণ্ঠলৈ পৰিগণিত হল মাকুম যজ্ঞোখোৱা ৰাজহুৱা খেলপথাৰ । সহস্ৰাধিক মৃদঙীয়া গায়ন-বায়ন ভকত সকলে মুখৰিত কৰি তুলিলে মাকুম যজ্ঞোখোৱা ৰাজহুৱা খেলপথাৰৰ চৌপাশ ।
তিনিচুকীয়া, ১৯ নৱেম্বৰ: অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ অমূল্য সম্পদ গায়ন-বায়ন পৰিৱেশনত যুগ বাদ্য হিচাপে ব্যৱহৃত মৃদংগ । এই মৃদংগ চৰ্চা কালৰ সোঁতত কমি আহিলেও আজিও বহু লোকে এই চৰ্চা অব্যাহত ৰাখিছে । আপুৰুগীয়া এই সংস্কৃতিক প্ৰজন্মৰ বুকুলৈ কঢ়িয়াই নিবলৈ গঠন হোৱা তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন বায়ন সংস্থাই বাৰেকুৰি আঞ্চলিক সমিতিৰ সৌজন্যত বাৰেকুৰি আঞ্চলিক সমিতিৰ অন্তৰ্গত সকলো শাখা সমিতি আৰু বাৰেকুৰিবাসী ৰাইজৰ সহযোগত ব্যাপক কাৰ্যসূচীৰে যজ্ঞোখোৱা ৰাজহুৱা খেল পথাৰত প্ৰথমবাৰলৈ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশন খনি ১৮ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱাৰ পাছত দেওবাৰে সামৰণি পৰে ।
তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন বায়ন সংস্থাৰ প্ৰথম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশনৰ প্রথম দিনাৰ কাৰ্যসূচী অনুসৰি জিলা খনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি সকলৰ প্ৰতিনিধি সভা,খেৰী,আইনাম, দিহানাম আদিৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় ৷ দ্বিতীয়া দিনা মুকলি সভা, শিশু গায়ন বায়ন প্ৰদৰ্শন, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত ১০০ যোৰা গায়ন বায়ন প্ৰদৰ্শন আদি কাৰ্যসূচীৰে অধিৱেশনখনি অনুষ্ঠিত হয় ।
তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন বায়ন সংস্থাৰ প্ৰথম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশনৰ সামৰণিৰ অনুষ্ঠানত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণ প্ৰমুখ্যে কৰি তিনিচুকীয়া জিলা বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট ব্যক্তি সকল মুখ্য অথিতি হিচাপে উপস্থিত থাকে । তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন বায়ন সংস্থাৰ প্ৰথম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশনৰ লগত সংগতি ৰাখি অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণে "গুণাকৰ" নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে ।
