ক্ৰিকেটৰ দৰে ৰাজস্থানৰ কংগ্ৰেছ নেতাসকলে ইজনে সিজনক ৰাণ আউট কৰাৰ চেষ্টা চলাই: প্ৰধানমন্ত্ৰী মোদী
Published: Nov 19, 2023, 5:39 PM

ক্ৰিকেটৰ দৰে ৰাজস্থানৰ কংগ্ৰেছ নেতাসকলে ইজনে সিজনক ৰাণ আউট কৰাৰ চেষ্টা চলাই: প্ৰধানমন্ত্ৰী মোদী
Published: Nov 19, 2023, 5:39 PM
ৰাজস্থান কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰীৰ ৷ প্ৰধানমন্ত্ৰীৰ মতে ৰাজস্থানৰ কংগ্ৰেছ নেতাসকলে ইজনে সিজনক ৰাণ আউট কৰাৰ চেষ্টা চলাই আছে । এইবাৰ নিৰ্বাচনত বিজেপিক ভোট দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । কংগ্ৰেছৰ এক পদ, এক পেঞ্চন আঁচনিৰো সমালোচনা প্ৰধানমন্ত্ৰীৰ ।
নেশ্যনেল ডেস্ক,১৯ নৱেম্বৰ : ৰাজস্থানৰ কংগ্ৰেছ নেতৃত্বক ক্ৰিকেট দলৰ সৈতে তুলনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজস্থান কংগ্ৰেছৰ নেতৃত্ব এটা ক্ৰিকেট দলৰ দৰে যাৰ বেটছমেনসকলে ৫ বছৰ ধৰি ইজনে সিজনক ৰাণ আউট কৰিবলৈ চেষ্টা কৰিছে । নিৰ্বাচনমুখী ৰাজ্যখনৰ চুৰু জিলাৰ তাৰানগৰত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ দ্ৰুত উন্নয়ন নিশ্চিত কৰিবলৈ ২৫ নৱেম্বৰৰ ৰাজস্থান বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ ৰাইজক আহ্বান জনায় ।
ৰাজস্থানৰ নেতৃত্বত থকা কংগ্ৰেছ দলক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ নেতা আৰু উন্নয়ন শত্ৰু আৰু চিৰদিন শত্ৰু হৈ থাকিব । কংগ্ৰেছ আৰু সৎ উদ্দেশ্যৰ মাজৰ সম্পৰ্ক পোহৰ আৰু অন্ধকাৰৰ মাজৰ সম্পৰ্কৰ দৰে বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে ।
প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে কেইবা দশক ধৰি এক পদ, এক পেঞ্চন (অ'আৰঅ'পি) আঁচনিৰ বিষয়টোত প্ৰাক্তন সৈনিকসকলক 'বিপথে পৰিচালিত' কৰাৰো অভিযোগ উত্থাপন কৰে । কংগ্ৰেছৰ 'অপশাসন'ৰ বাবে ৰাজস্থানত মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা নিয়ন্ত্ৰণৰ বাহিৰত আছে বুলিও প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে ।
ইয়াৰ পূৰ্বে ৰাজস্থানৰ বুন্দিত এক নিৰ্বাচনী জনসভাত ভাষণ দি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে 'ভাৰত মাতা কী জয়' শ্ল'গান দিয়াৰ সলনি 'আদানি জী কী জয়' কোৱা উচিত । তেওঁ প্ৰধানমন্ত্ৰীক কৃষক আৰু শ্ৰমিকসকলক উপেক্ষা কৰা আৰু দুখন হিন্দুস্তান সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে । ৰাহুল গান্ধীৰ মতে দুখন হিন্দুস্তানৰ এখন আদানিৰ বাবে আৰু আনখন দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে ।
মুঠতে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিজেপি আৰু কংগ্ৰেছৰ নেতাসকলৰ বাকযুদ্ধও আকৰ্ষণীয় হৈ পৰিছে । ভোটাৰক আকৰ্ষণৰ বাবে বিভিন্ন পন্থা হাতত লৈছে নেতাসকলে ।
