ETV Bharat / state

বৃটিছে স্থাপন কৰা অসমৰ প্ৰথমটো ষ্টেচনৰ বিষয়ে আপুনি জানেনে ?

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 8:43 PM IST

Updated : Nov 28, 2023, 9:38 PM IST

Historical railway station Dangori
Etv Bharatবৃটিছে স্থাপন কৰা অসমৰ প্ৰথমটো ষ্টেচনৰ বিষয়ে আপুনি জানেনে ?

আপুনি বাৰু জানেনে বৃটিছে স্থাপন কৰা অসমৰ প্ৰথমটো ষ্টেচনৰ বিষয়ে ? কেনে আছে বাৰু ব্ৰিটিছে নিৰ্মাণ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰে’ল ষ্টেচন ? জানিব পৰা মতে, এসময়ত যাত্ৰীৰে ঠাহ খাই আছিল এই ষ্টেচনটো (Historical railway station Dangori) ৷ আহকচোন অসমৰ প্ৰথমটো ৰে’ল ষ্টেচনটোলৈ এভুমুকি মাৰো...

ব্ৰিটিছে নিৰ্মাণ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰে’ল ষ্টেচন

তিনিচুকীয়া, ২৮ নৱেম্বৰ : ১৮৮৮ চনৰ কথা ৷ দেশত তেতিয়া চলি আছিল বৃটিছ শাসন ৷ তাৰ পূৰ্বৰে পৰা বৃটিছে অসমত গঢ়ি তুলিছিল চাহ বাগানবোৰ আৰু সেই চাহ বাগানৰ বাবে বহিঃৰাজ্যৰ পৰা আনিছিল শ্ৰমিকো ৷ পৰৱৰ্তী সময়ত ব্যৱসায়িক ভিত্তিত চাহপাত প্ৰস্তুত কৰাৰ লগতে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ বাবে বৃটিছে অৱলম্বন কৰিছিল বিভিন্ন কৌশল ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে সেই সময়ৰ অবিভক্ত ডিব্ৰুগড় জিলাৰ প্ৰায় অধিকাংশ অঞ্চলতেই গঢ়ি তুলিছিল চাহ বাগিচা ৷ বৰ্তমানৰ তিনিচুকীয়া জিলাখনত উৎপাদন হোৱা চাহ ৰপ্তানি কৰাৰ বাবে ১৮৮৮ চনত জিলাখনৰ ডাঙৰীত বৃটিছে নিৰ্মাণ কৰিছিল প্ৰথমটো ৰে’ল ষ্টেচন ৷

ডাঙৰী ষ্টেচনৰ লগতে তেতিয়া ছৈখোৱা আৰু শদিয়ালৈ চলাচল কৰিছিল ৰে’ল ৷ সেই সময়ৰ শদিয়াৰ ৰে’ল লাইন এতিয়াৰ ব্ৰহ্মপুত্ৰৰ মাজভাগত ৷ কিয়নো ১৯৫০ চনৰ বৰ ভূইকঁপে সলাই পেলাইছিল ৰাজ্যৰ ৰূপৰেখা ৷ বৃটিছে ৰে’ল লাইনৰ লগতে জংচন, ষ্টেচনবোৰ স্থাপন কৰিছিল ব্যৱসায়ৰ সুবিধাৰ্থে । ছৈখোৱা ষ্টেচনটো আছিল ডিব্ৰু-চৈখোৱাৰ পৰা চাহপাত কঢ়িয়াই নিয়াৰ অন্যতম কেন্দ্ৰস্থল ৷

ঠিক তেনেদৰেই তালাপ, ডুমডুমা আদি ষ্টেচনো চাহ বাগানৰ সৈতে সংলগ্ন কৰি সুবিধা অনুসৰি স্থাপন কৰা হৈছিল ৷ সমান্তৰালভাৱে ষ্টেচনলৈকে সংলগ্ন কৰি নিৰ্মাণ কৰিছিল সৰু সৰু পথ, যি পথেৰে চলিছিল আন কিছুমান চাহ কঢ়িওৱাৰ বাহন ৷ অকল চাহেই যে কঢ়িয়াইছিল তেনে নহয় ৷ চাহ, মাছ, হাতীকে আদি কৰি ৰে’লেৰে সৰবৰাহ কৰিছিল বিভিন্ন সামগ্ৰী ৷

সামগ্ৰী কঢ়িওৱা ৰে’লৰ লগতে জয়মতী, গদাপানী, লাচিত বৰফুকন আদি নামৰ কেইটাও ইঞ্জিনৰ ৰে’লেৰে ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ দৈনিক যাত্ৰা কৰিছিল শ-শ যাত্ৰীয়ে ৷ প্ৰতিদিনে পুৱা ৬ বজাতেই যাত্ৰা আৰম্ভ কৰিছিল ৰে’লে ৷ অৱশ্যে সেই সময়ত ৰে’লসমূহ আছিল মিটাৰগ’জ । তিনি-চাৰিটা ইঞ্জিন আছিল যদিও ৰে'ল সমূহৰ অধিকাংশই আছিল মালবাহী ৷ মাত্ৰ এখনহে যাত্ৰীবাহী ৰে'ল হোৱা হেতুকে যাত্ৰীৰ ভিৰো আছিল যথেষ্ট ৷

এই ডাঙৰী ষ্টেচনত কৰ্মচাৰী থকাৰ সুবিধাৰ্থে বাসগৃহ, যাত্ৰীসকলৰ সুবিধাৰ্থে টিকট কাউন্টাৰ, জিৰণি ঘৰকে আদি কৰি সকলো সুবিধা আছিল ৷ কিন্তু এতিয়া সকলো অতীত হ'ল, এইবিলাক এতিয়া মাথোঁ স্মৃতি ৷ এসময়ৰ ষ্টেচন, টিকট কাউন্টাৰ, বাসগৃহত এতিয়া মৰিশালি সদৃশ পৰিৱেশ ৷ সকলো এতিয়া জৰাজীৰ্ণ-পৰিত্যক্ত ৷

পৰবৰ্তী সময়ত দেশ স্বাধীন হ’ল ৷ ১৯৫০ চনত হোৱা ভূমিকম্পই সলাই পেলালে অসমৰ ভূগোল৷ ধলা আৰু শদিয়াৰ মাজত ব্ৰহ্মপুত্ৰৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে ডুবাই পেলালে শদিয়া আৰু ছৈখোৱাৰ ৰে’লৱে ষ্টেচন । কালৰ বুকুত হেৰাই গ'ল ঐতিহাসিক শদিয়া, বিলীন হৈ গ’ল দুটাকৈ ৰে’লৱে ষ্টেচন ৷ পৰৱৰ্তী সময়ত ডাঙৰীকে শেষ ৰে’লৱে ষ্টেচন হিচাপে ব্যৱহাৰ কৰিবলৈ ল’লে ৰে’লৱে বিভাগে ৷

১৯৬০ চনলৈকে সকলো ঠিকেই চলি আছিল যদিও ৰে'লপথ মিটাৰগ’জৰ পৰিবৰ্তে ব্ৰডগ’জ কৰাৰ পাচতে লাহে লাহে ৰে'ল বিভাগে লোকচানৰ দোহাই দি এই পথত ৰে’ল নচলোৱা হ’ল ৷ বৃটিছে স্থাপন কৰা গদাপানী, জয়মতী, লাচিত বৰফুকন নামৰ ইঞ্জিন কেইটা লৈ যোৱা হ’ল বিভিন্ন স্থানলৈ ৷ জয়মতী নামৰ ভাপ-ইঞ্জিনটো নিউ তিনিচুকীয়াৰ হেৰিটেজ পাৰ্কত এতিয়াও সুন্দৰকৈ সজাই ৰখা হৈছে, স্মৃতিসমূহ জীয়াই ৰাখিবলৈ৷ একেদৰে আন এটা ইঞ্জিন সজাই ৰখা হৈছে দিনজান সেনা বাহিনীৰ শিবিৰত ৷

পৰৱৰ্তী সময়ত পুনৰ ছাত্ৰ সন্থাকে আদি কৰি ৰাইজে ৰে’লৱে বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত আজি কিছুবছৰৰ পৰা ডাঙৰী-মাকুম পথত ডেম’ ৰে’ল চলিছে ৷ কিন্তু পুৱা চাৰি বজাতে ডাঙৰীৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ লগতে মাকুমৰ পৰা উভতি আহি নিশা ১০ বজাতহে ৰে'লখন ডাঙৰী পাইহি বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ ফলত এই ৰে'লসেৱাৰ সুবিধা ল’ব পৰা নাই সাধাৰণ জনতাই ৷

এতিয়া ৰাইজৰ দাবী- বৃটিছে নিৰ্মাণ কৰা এই ঐতিহাসিক প্ৰথমটো ৰে’ল ষ্টেচন অসম চৰকাৰ তথা ৰে’লৱে বিভাগে সংৰক্ষণ কৰক ৷ কাম আৰম্ভ কৰক সৌন্দৰ্যবৰ্দ্ধনৰ ৷ সমান্তৰালভাৱে বৰ্তমান চলাচল কৰা ৰে’লখনৰ সময়সূচীও জনতাৰ সুবিধা অনুসৰি কৰক ৷

লগতে পঢ়ক : Makum chaina school : অসমৰ একমাত্ৰ চীনা ভাষাৰ বিদ্যালয়খন কেনে আছে ?

Last Updated :Nov 28, 2023, 9:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.