ETV Bharat / state

Makum chaina school : অসমৰ একমাত্ৰ চীনা ভাষাৰ বিদ্যালয়খন কেনে আছে ?

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 5:10 PM IST

এসময়ত ঠাইখনক জনা গৈছিল 'মাকাম' নামেৰে ৷ মাকামক লৈ ৰচনা হৈছিল বহুচৰ্চিত উপন্যাসো ৷ এসময়ত সেই মাকামেই মাকুম নামেৰে জনাজাত হৈছিল ৷ মাকুমৰেই এখন ঐতিহাসিক চীনা বিদ্যালয় ৷ য’ত জড়িত হৈ আছে চীন-ভাৰতৰ যুদ্ধৰ স্মৃতি ৷ এই বিদ্যালয়ত অধ্যয়ন কৰিছিল চীনামূলীয় শিক্ষাৰ্থীয়ে ৷ আহকচোন উভতি যাওঁ চীনামূলীয় শিক্ষাৰ্থীয়ে পঢ়া বিদ্যালয়খনৰ সেই অতীতৰ মাজলৈ ৷

Makum chaina school
চীনামূলীয় শিক্ষাৰ্থীয়ে পঢ়া বিদ্যালয়খন

চীনামূলীয় শিক্ষাৰ্থীয়ে পঢ়া বিদ্যালয়খন

তিনিচুকীয়া, ১ নৱেম্বৰ : এসময়ৰ "চাইনা টাউন" নামেৰে খ্যাত উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাকুম এক ঐতিহাসিক ঠাই ৷ চীনা শব্দ “Ma-kung" (Meet point) শব্দই মাকুমৰ ঐতিহ্য বহন কৰিছে । দেশ স্বাধীন হোৱাৰ পূৰ্বেই অহা চীনামূলীয় পৰিয়ালে অসমত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছিল । ১৯৬২ চনত চীন-ভাৰতৰ যুদ্ধৰ সময়ত বহুকেইটা পৰিয়াল উভতি গৈছিল যদিও ৰৈ গৈছিল তাৰে কেইবাটাও পৰিয়াল ৷

১৯৩০ চনতেই মাকুমত আছিল এখন "চাইনা টাউন" ৷ কিন্তু চীন-ভাৰতৰ যুদ্ধৰ সময়ত সেই "চাইনা টাউন" বন্ধ হৈ পৰিছিল ৷ এসময়ৰ “চাইনা টাউন”খ্যাত মাকুমৰ সেই ঠাইক এতিয়া “চিনাপট্টী” হিচাপে পৰিচিত ৷ “চাইনা টাউন”ত চীনামূলীয় লোকসকলে গঢ় দিছিল বহু অনুষ্ঠান-প্ৰতিষ্ঠান ৷ তেনে কিছু অনুষ্ঠান-প্ৰতিষ্ঠান আজিও বিৰাজমান ৷

Makum chaina school
চীনামূলীয় শিক্ষাৰ্থীয়ে পঢ়া বিদ্যালয়খন

তেনে এক অনুষ্ঠানৰ উদাহৰণ মাকুমৰ এসময়ৰ "চাইনা টাউন"ৰ "এৰোপ্লেইন" মডেলৰ "চীনা বিদ্যালয়"খন ৷ কথিত আছে যে এই বিদ্যালয়খন দেশৰ ভিতৰতেই চীনা লোকৰ দ্বাৰা প্ৰতিষ্ঠা কৰা মান্দাৰিন ভাষাৰ প্ৰথমখন বিদ্যালয় আছিল ৷ চীনাপট্টিৰ সন্মুখতেই আছে এই চীনা বিদ্যালয়খন ।

Makum chaina school
অসমৰ একমাত্ৰ চীনা ভাষাৰ বিদ্যালয়খন

১৮৫৮ চনতেই প্ৰতিষ্ঠা কৰা বিদ্যালয়খনত আছিল ষষ্ঠ শ্ৰেণীলৈকে অধ্যয়ন কৰিব পৰা সুবিধা ৷ এই বিদ্যালয়খনত চীনামূলীয় লোকসকলৰ ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ মান্দাৰিন ভাষাত শিক্ষা প্ৰদান কৰা হৈছিল ৷ বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীলৈ অধ্যয়ন কৰাৰ পাচত উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল কলকাতালৈ । আজিৰ দিনত আমাৰ চৰকাৰে শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে প্ৰদান কৰা ব্যৱস্থাসমূহ সেই তাহানিতেই ব্যৱহাৰ কৰিছিল চীনাসকলে ৷

Makum chaina school
মাকুমৰ এখন ঐতিহাসিক চীনা বিদ্যালয়

বিদ্যালয়খনত আছিল ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে বহু উন্নত ব্যৱস্থা । বিদ্যালয়খনত আছিল ছাত্ৰাবাসৰ ব্যৱস্থাও ৷ খোৱা-বোৱা, মনোৰঞ্জন গৃহও আছিল সুকীয়াকৈ । ছাত্ৰ-ছাত্ৰীক মনোৰঞ্জন দিয়াৰ লগতে কিছুক্ষেত্ৰত শিক্ষা প্ৰদান কৰিবলৈ প্ৰদৰ্শন কৰিছিল চিনেমাও । সেই তাহানিতে প্ৰতিষ্ঠা কৰা চীনা বিদ্যালয়খনৰ আন্তঃগাঁথনি দেখিলেই অনুমান কৰিব পাৰি চীনাসকলৰ কাৰিকৰী দিশৰ কথা ।

চীনা বিদ্যালয়খনৰ গৃহ, ভৱন আজিও আছে যদিও তাত নাই কোনো চীনা শিক্ষাৰ্থী ৷ বৰ্তমান তাত মান্দাৰিন ভাষাত প্ৰদান কৰা নহয় শিক্ষা, তাৰ সলনি এতিয়া শিক্ষা প্ৰদান কৰা হয় হিন্দী মাধ্যমত । ১৯৬২ চনত চীন-ভাৰতৰ যুদ্ধৰ সময়ত বিলুপ্ত হয় এই চাইনা টাউনো ৷ তাৰ পিচতে সেই বিদ্যালয়খনত হিন্দী মাধ্যমৰ বিদ্যালয় খুলি নতুন নাম দিলে স্থানীয় ৰাইজে ।

মাকুম হিন্দী (হিন্দী বিদ্যালয়, মাকুম জংছন) বিদ্যালয়খনেই আছিল সেই সময়ৰ চীনা বিদ্যালয় । সেই সময়ত চীনা বিদ্যালয়খনৰ শিক্ষককেইজন চি হুই, মক মিন, কে চি চাউ, হো চাং হো, লি খাই পৰিয়ালৰ লোক আছিল । কৰ’ণা মহামাৰীৰ পূৰ্বে হংকঙৰ পৰা এই বিদ্যালয়খনলৈ আহিছিল এটা ১০ জনীয়া চীনা দল ৷

বাল্যকালত ষষ্ঠ শ্ৰেণীলৈ অধ্যয়ন কৰা চীনা দলটোৱে আপোন বিদ্যালয়খনত প্ৰৱেশ কৰি যথেষ্ট আবেগিক হৈ পৰিছিল ৷ তেওঁলোকে ৰোমন্থন কৰিছিল সেই সময়ৰ বহু স্মৃতি । এই ঐতিহাসিক স্মৃতি জড়িত বিদ্যালয়খন সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয় এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব আগন্তুক দিনসমূহত । সচেতন ৰাইজে এইক্ষেত্ৰত বিবেচনা কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট বিভাগসমূহক জনাইছে আহ্বান ।

লগতে পঢ়ক : Eli Ahmed Under Treatment : কাষত কোনো নাই, অকলশৰীয়া হৈ হাস্পতালৰ বিচনাত পৰি আছে পদ্মশ্ৰী এলি আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.