ETV Bharat / state

Drug Peddler arrested: বিলাসী বাহনত নিচাজাতীয় সামগ্ৰী বেটিবলৈ আহি আৰক্ষীৰ জালত সৰবৰাহকাৰী

author img

By

Published : Feb 23, 2023, 8:29 PM IST

তিনিচুকীয়াত আৰক্ষীৰ প্ৰতিটো দিনতেই অব্যাহত ৰাখিছে ড্ৰাগছবিৰোধী অভিযান ৷ এইবাৰ তিনিচুকীয়া আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা এই পৰ্যন্ত লক্ষাধিক টকাৰ লগতে ড্ৰাগছসহ 12 টাক আটক কৰিছে (Tinsukia police anti drug campaign) ৷

Drug Peddler arrested with drugs in Tinsukia
বিলাসী বাহনত নিচাজাতীয় সামগ্ৰী বিক্ৰীৰ কৰিবলৈ আহি আৰক্ষীৰ জালত সৰবৰাহকাৰী

বিলাসী বাহনত নিচাজাতীয় সামগ্ৰী বিক্ৰীৰ কৰিবলৈ আহি আৰক্ষীৰ জালত সৰবৰাহকাৰী

তিনিচুকীয়া, 23 ফেব্ৰুৱাৰী: তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সন্মুখত পৰা বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰে (Drug Peddler arrested with drug in Tinsukia) ৷ আটকাধীন দুই সৰবৰাহকাৰী ক্ৰমে বৰগুৰিৰ কুলেন মৰাণ আৰু হিজুগুৰিৰ শ্বৰিফ আহমেদ বুলি চিনাক্ত কৰা হৈছে । সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ৯.৯ গ্ৰাম ড্ৰাগছসহ AS 23 AB 3770 নম্বৰৰ এখন ইক’ স্পৰ্টচ বাহন আৰু AS 23 AB 0964 নম্বৰৰ এখন ভেন’ বাহন জব্দ কৰে সক্ষম হয় ৷

তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত চহৰ পৰিদৰ্শক ভাস্কৰ ৰাজবৰুৱাৰ সহযোগত এটা ৰাইডাৰ টিমে বিশেষ খবৰৰ ভিত্তিত চলাইছিল এই অভিযান ৷ ঘটনাৰ বিৱৰণী অনুসৰি AS 23 AB 3770 নম্বৰৰ ইক’ স্পৰ্টচ বাহনখনত বৰগুৰিৰ কুলেন মৰাণ নামৰ লোকজনে শৰ্মা উপাধিৰ এজন লোকক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সন্মুখত ড্ৰাগছখিনি যোগান ধৰিবলৈ আহিছিল ৷ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ঘটনাস্থলীৰ পৰা কুলেন মৰাক আটক কৰে (Drug Peddler arrested at Tinsukia) ৷

আৰক্ষীয়ে কুলেন মৰাণৰ তথ্যৰ ভিত্তিত একে স্থানতে ড্ৰাগছসহ হিজুগুৰিৰ শ্বৰিফ আহমেদক AS 23 AB 0964 ভেন’খনত আটক কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে পুনৰ শৰ্মা উপাধিৰ ব্যক্তিজনক ফাৰ্মাচীখনৰ কাষৰ এটা কোঠাত অভিযান চলাই আটক কৰে ৷ লোকজনৰ পৰা আৰক্ষীয়ে প্ৰায় 12.6 গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় (Drugs seized in Tinsukia ) ৷

এই অভিযানৰ পাচত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁয়ে জানিবলৈ দিয়ে যে, কিছুদিন ধৰি তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে ৷ বুধবাৰেও তিনিচুকীয়াৰ নখৰাই বঙালী গাঁৱত অৱস্থিত জিতু মৰাণৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে 5.01 গ্ৰাম সন্দেহযুক্ত হেৰ’ইনসহ 9.5 গ্ৰাম আফিং (ফিতা কানি) উদ্ধাৰ কৰে ।

আৰক্ষীয়ে অভিযুক্ত জিতু মৰাণৰ স্বীকাৰোক্তিক ভিত্তিত গেলাপুখুৰীৰ প্ৰশান্ত খাটোৱাল নামৰ এটা সৰবৰাহকাৰীক ড্ৰাগছ যোগান ধৰাৰ অভিযোগত উক্ত স্থানৰ পৰা আটক কৰে ৷ সেই তদন্তৰ ভিত্তিত আজি পুনৰ আৰক্ষীয়ে কুলেন মৰাণ, শ্বৰিফ আহমেদক আটক কৰিবলৈ সক্ষম হয় ৷ তিনিচুকীয়া আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে জিলাখনৰ 11 টা স্থানৰ পৰা পৰ্যন্ত ড্ৰাগছ সৰবৰাহৰ সৈতে জৰিত 12 জনকৈ লোকক আটক কৰিছে ৷ আৰক্ষীয়ে অভিযানৰ সময়ত নগদ প্ৰায় 1,41,630 টকাও উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে আটকাধীন সৰবৰাহকাৰীকেইটাৰ জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Drugs seized in Nazira: নাজিৰাৰ গড়আলিত ড্ৰাগছসহ গ্ৰেপ্তাৰ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.