Drugs seized in Nazira: নাজিৰাৰ গড়আলিত ড্ৰাগছসহ গ্ৰেপ্তাৰ ব্যৱসায়ী

By

Published : Feb 23, 2023, 7:36 AM IST

thumbnail

আমগুৰি, ২৩ ফেব্ৰুৱাৰী: ড্ৰাগছৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ নাজিৰা আৰক্ষীৰ আন এক সফল অভিযান (Anti drugs operation in Assam) । ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসনে কঠোৰভাৱে নিচা জাতীয় দ্ৰব্য়ৰ লগতে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ সেৱনকাৰীয়ে নিত্য নতুন কৌশল অৱলম্বন কৰিছে । এনে অভিযানৰ মাজতে শিৱসাগৰ জিলাৰ ঠায়ে ঠায়ে বিভিন্ন কূট-কৌশল অৱলম্বন কৰি ড্ৰাগছৰ বেহা চলাই গৈছে একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে ৷

অৱশ্যে ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰীয়ে নতুন কৌশল অৱলম্বন কৰিলেও শিৱসাগৰৰ আৰক্ষীৰ পৰা সাৰিব পৰা নাই এই অসাধু চক্ৰটোৱে (Drugs seized in Nazira)। ড্ৰাগছৰ বিৰুদ্ধে নাজিৰা আৰু শিমলুগুৰি আৰক্ষীয়ে ধাৰাবাহিকভাৱেই অব্যাহত ৰাখিছে এই অভিযান । ড্ৰাগছ ব্যৱসায়ীয়ে যিমানেই কৌশল সলনি কৰিছে নাজিৰা আৰু শিমলুগুৰি আৰক্ষীও নতুন নতুন কৌশলেৰে অব্যাহত ৰাখিছে এই ড্ৰাগছ বিৰোধী অভিযান । এনে অভিযানৰ মাজতেই বুধবাৰে আৰক্ষীৰ জালত পৰিল এটা ড্ৰাগছ ব্যৱসায়ী (Drugs paddler arrested in Nazira)।

শিৱসাগৰ জিলাৰ নাজিৰা গড়আলিৰ সমীপত বুধবাৰে বিয়লি আৰক্ষীয়ে ড্ৰাগছৰ অনুসন্ধানত এটা বাসগৃহত অভিযান চলায় (Drugs seized in Nazira Garhali)। নাজিৰা আৰু শিমলুগুৰি আৰক্ষীয়ে নিমতিতা অঞ্চলৰ ৰেবুল হুছেইন নামৰ এজন যুৱকৰ বাসগৃহত অভিযান চলায় । এই  অভিযানত আৰক্ষীয়ে ড্ৰাগছসহ চাৰিটা কন্টেইনাৰ আৰু নগদ ৩৫ হাজাৰ টকা জব্দ কৰে । লগতে আৰক্ষীয়ে ৰেবুল হুছেইন নামৰ যুৱকজনক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ৰেবুল হুছেইনৰ বাসগৃহৰ বিচনা, ড্ৰয়িং ৰূম, পাকঘৰকে ধৰি সকলোতে তন্ন তন্নকৈ তালাচী চলায় । 

উল্লেখ্য যে ৰেবুল হুছেইন পূৰ্বৰে পৰাই ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল । এই তথ্যৰ ভিত্তিত উপযুক্ত প্ৰমাণৰ বাবে আৰক্ষীয়ে দীৰ্ঘ দিনৰ পৰা ৰেবুল হুছেইনৰ চাল-চলন আৰু ব্যৱসায়ত চকু দি আহিছিল । অৱশেষত কালি অৰ্থাৎ বুধবাৰে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ সময়ত ড্ৰাগছসহ এজনক আটক কৰাৰ পাছত ইয়াক বৃহৎ সফলতা বুলি কয় শীৰ্ষ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই । 

আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী ৰেবুল হুছেইনৰ পৰা ৬২ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । লগতে জিলাখনৰ পৰা নিচা জাতীয় দ্ৰব্য়ৰ লগতে ড্ৰাগছৰ সৰবৰাহ তথা ব্যৱসায় নিৰ্মূল কৰিবৰ বাবে বিভিন্ন স্থানত এনে ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত থাকিব বুলি আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই জানিবলৈ দিয়ে ।

লগতে পঢ়ক:34th foundation Day: নেলীত সদৌ তিৱা ছাত্ৰ সন্থাৰ একাদশ দ্বি বাৰ্ষিক সাধাৰণ অধিৱেশন আয়োজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.