ETV Bharat / state

দেশৰ প্ৰথম অনলাইন মাছ বজাৰৰ এপ FISHWALE অসমত মুকলি

author img

By

Published : Sep 13, 2022, 1:41 PM IST

Fishwale
Fishwale

ফিশ্বৱালে হৈছে একুৱা ব্লু গ্ল’বেল একুৱাকালচাৰ ছলিউচন প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰা এটা এপ (First Indian e-fish market app fishwale) । এই এপটো হৈছে বৰ্তমান অসম তথা ভাৰতৰ সংশ্লিষ্ট বিষয়ৰ প্ৰথমটো অনলাইন প্লেটফৰ্ম (Fish market related app fishwale) । ই মীন আৰু জলজ কৃষিৰ সৈতে জড়িত লোকসকলৰ বাবে একচেতীয়াভাৱে এখন বজাৰ প্ৰদান কৰিছে ৷ য’ত কৃষক, উৎপাদক, বিতৰকসকলক অন্তৰ্ভুক্ত কৰি সৰ্বোত্তম লাভ অর্জন কৰিবলৈ আৰু সমগ্ৰ ভাৰততে তেওঁলোকৰ সামগ্ৰীৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে (Assam launched Fishwale app) ।

তেজপুৰ, ১৩ ছেপ্টেম্বৰ : ভাৰতৰ প্ৰথম অনলাইন প্লেটফৰ্ম মৰিগাঁৱৰ একুৱা ব্লু গ্ল’বেল একুৱাকালচাৰ ছলিউচন প্ৰাইভেট লিমিটেডে (Aqua Blue Global Aquaculture Sollution pvt ltd) আৰম্ভ কৰা এপ 'ফিশ্বৱালে'ৰ পৰা অতি সোনকালে জীয়া মাছ, সাগৰীয় খাদ্য আৰু অন্যান্য মূল্য সংযোজিত মাছৰ সামগ্ৰী লাভ কৰিব (online platform Fishwale app) । ফিশ্বৱালে হৈছে একুৱা ব্লু গ্ল’বেল একুৱাকালচাৰ ছলিউচন প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰা এটা এপ (Assam launched Fishwale app) ।

Fish market related app fishwale
দেশৰ প্ৰথম অনলাইন মাছ বজাৰৰ এপ FISHWALE অসমত মুকলি

এই এপটো হৈছে বৰ্তমান অসম তথা ভাৰতৰ সংশ্লিষ্ট বিষয়ৰ প্ৰথমটো অনলাইন প্লেটফৰ্ম (Fish market related app fishwale) । ই মীন আৰু জলজ কৃষিৰ সৈতে জড়িত লোকসকলৰ বাবে একচেতীয়াভাৱে এখন বজাৰ প্ৰদান কৰিছে ৷ য’ত কৃষক, উৎপাদক, বিতৰকসকলক অন্তৰ্ভুক্ত কৰি সৰ্বোত্তম লাভ অর্জন কৰিবলৈ আৰু সমগ্ৰ ভাৰততে তেওঁলোকৰ সামগ্ৰীৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ।

দেশৰ প্ৰথম অনলাইন মাছ বজাৰৰ এপ FISHWALE অসমত মুকলি
দেশৰ প্ৰথম অনলাইন মাছ বজাৰৰ এপ FISHWALE অসমত মুকলি

ই প্ৰথম অৱস্থাত নৰ্থ-ইষ্ট ভেঞ্চাৰ ফাণ্ডৰ পৰা মাত্ৰ ৫০ লাখ টকা পুঁজি লাভ (NEDFi ভেঞ্চাৰ কেপিটেল লিমিটেড) কৰিছিল ব্যৱসায় আৰম্ভ কৰিবৰ বাবে ।

মৰিগাঁওস্থিত একুৱা ব্লু গ্ল'বেল একুৱাকালচাৰ ছলিউচন প্ৰাইভেট লিমিটেডৰ ৰাজাকুল ইছলামে এই সন্দৰ্ভত কয়, "কৃষকসকলৰ মাজত কোনো এখন ভাল প্লেটফৰ্মৰ সুবিধা নাই, য'ত তেওঁলোকে তেওঁলোকৰ বাবে নিজাববীয়াকৈ ক্ৰয় কৰি পাৰিব । মীনপালনৰ ক্ষেত্ৰত তেওঁলোকে খুচুৰা বিক্ৰেতাসকলৰ সৈতে যোগাযোগ কৰিব নোৱাৰে যাৰ বাবে তেওঁলোকে তেওঁলোকৰ মাছ কম মূল্যত বিক্ৰী কৰে" ৷

দেশৰ প্ৰথম অনলাইন মাছ বজাৰৰ এপ FISHWALE অসমত মুকলি
দেশৰ প্ৰথম অনলাইন মাছ বজাৰৰ এপ FISHWALE অসমত মুকলি

"একুৱা ব্লুৱে ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণভাৱে এপটো বহুল প্ৰসাৰ কৰাৰ বাবে আৰু সমগ্ৰ ৰাজ্যতে একুৱা হাবৰ বিষয়ে তেওঁলোকৰ ধাৰণা বিকশিত কৰাৰ বাবে পূৰ্বতে ধন লাভ কৰিছিল । একুৱা হাবসমূহে মধ্যভোগী শ্ৰেণীৰ লগতে ব্যৱসায় প্ৰদান কৰা ব্যৱসায়ীৰ সৈতে জড়িত পৰম্পৰাগত নিলাম ব্যৱস্থাটো আঁতৰাই পেলাব বুলি আশা কৰা হৈছে (Fishwale will create aqua hub)। লগতে স্থানীয় কৃষকসকলৰ বাবে অধিক লাভৱান হ’ব ।” ৰাজাকুলে লগতে কয় ।

দেশৰ প্ৰথম অনলাইন মাছ বজাৰৰ এপ FISHWALE অসমত মুকলি
দেশৰ প্ৰথম অনলাইন মাছ বজাৰৰ এপ FISHWALE অসমত মুকলি

ফিশ্বৱালেত জলজ কৃষিৰ সঁজুলি আৰু ঔষধো উপলব্ধ হ’ব । লগতে একুৱাৰিয়াম, টেংক, আলংকাৰিক মাছ আৰু সঁজুলিও অনলাইনত অৰ্ডাৰৰ বাবে দিব পাৰিব । ইয়াৰ উপৰি গ্ৰাহকৰ বাবে একুৱা হাবত জীয়া আৰু সতেজ মাছ, সাগৰীয় খাদ্য আৰু অন্যান্য মূল্য সংযোজিত মাছৰ সামগ্ৰী উপলব্ধ হ’ব । ফিছৱালেৰ সকলো জিলাতে নিজা হাবো থাকিব । প্ৰথমাৱস্থাত ৫টা হাবৰ পৰা আৰম্ভ কৰিব ।

দেশৰ প্ৰথম অনলাইন মাছ বজাৰৰ এপ FISHWALE অসমত মুকলি
দেশৰ প্ৰথম অনলাইন মাছ বজাৰৰ এপ FISHWALE অসমত মুকলি

সেইবোৰ মাছ ক্ৰেতাসকলৰ বাবে প্ৰৱেশ পথ হিচাপে গঢ়ি তোলা হ’ব । অসমৰ মীনপালকসকলৰ বাবে প্ৰস্তুত কৰা এই মঞ্চখন উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য আৰু তাৰ পিছত পেন-ইণ্ডিয়ালৈ (Pan India) প্ৰচলন কৰা হ’ব বুলিও তেওঁ কয় । উল্লেখ্য যে এই এপটোত থাকিব জিঅ’ টেগিং (geo tag), মীনপালকৰ লাভ-লোকচান বহী, মাছৰ ৰোগ সমাধানৰ অনলাইন ব্যৱস্থা (online solution for fishery), সকলো চৰকাৰী আঁচনিৰ তথ্য, ঋণ আৰু আঁচনিৰ বাবে ডি পি আৰ প্ৰস্তুত ইত্যাদি ।

লগতে পঢ়ক :পাভৈত কৃষি সম্পৰ্কীয় আলোচনা চক্ৰৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.