ETV Bharat / state

প্ৰৱল ইচ্ছাশক্তিয়ে দিয়ে আকাশ চুব পৰাৰ ক্ষমতা - Visually impaired students

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:00 PM IST

যোৰহাটত এক ব্যতিক্ৰমী দৃশ্য । দৃষ্টিহীন বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে যোৰহাট ইন'স্ক ছবিগৃহত উপভোগ কৰিলে হিন্দী বোলছবি 'শ্ৰীকান্ত' । দৃষ্টিহীন ব্যক্তিৰ সঁচা কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ছবিখন উপভোগ কৰি আপ্লুত হৈ পৰে দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকল ।

Visually impaired students of Jorhat are enjoying Hindi film
যোৰহাটৰ এজাক দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীয়ে উপভোগ কৰিছে হিন্দী ছবি (ETV Bharat Assam)

যোৰহাটৰ এজাক দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীয়ে উপভোগ কৰিছে হিন্দী ছবি (ETV Bharat Assam)

যোৰহাট,২২ মে': কিছুমান দৃশ্যই সঁচাকৈয়ে আপ্লুত কৰে মন-প্ৰাণ । কিছু লোকৰ সমাজৰ বাবে অৱদানে প্ৰমাণ কৰে যে এতিয়াও জীয়াই আছে মানৱতা । বুধবাৰে তেনে এক দৃশ্যই দেখা গ'ল যোৰহাটত । সদাব্যস্ত যোৰহাট নগৰৰ ইন'স্ক ছবিগৃহত বুধবাৰে দেখা গ'ল কিছু ব্যতিক্ৰম দৰ্শকক । ইন'স্ক কৰ্তৃপক্ষই গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ ।

ইন'স্ক কৰ্তৃপক্ষৰ উদ্য়োগত সদ্যমুক্তিপ্ৰাপ্ত 'শ্ৰীকান্ত' নামৰ ছবিখন উপভোগ কৰোৱালে যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক । জীৱনত প্ৰৱল ইচ্ছাশক্তি আৰু মনোবল থাকিলে শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, সেয়া বহু সময়ত বহু ব্যক্তিয়ে প্ৰমাণ কৰি দেখুৱাইছে ।

ঘাট, প্ৰতিঘাট, শিক্ষা ব্যৱস্থাত থকা অন্তৰায়, সকলো বাধা আৰু সংঘৰ্ষক নেওচি কিদৰে সফলতাৰ শিখৰত এগৰাকী দৃষ্টিহীন যুৱক উপনীত হ'ল তেনে এজন দৃষ্টিহীন ব্যক্তিৰ জীৱনৰ সঁচা ঘটনাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা 'শ্ৰীকান্ত 'নামৰ ছবিখন ইন'স্ক কৰ্তৃপক্ষই যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উপভোগ কৰোৱায় ।

দৃষ্টিহীন শিক্ষাৰ্থীসকলে ছবিখনৰ দৃশ্যসমূহ দেখা নাপালেও, ছবিখনত থকা জীৱন সংগ্ৰামৰ সংলাপ আৰু শব্দসমূহ বুজি উঠি উৎফুল্লিত হৈ পৰে । লগতে ইয়াৰ দ্বাৰা জীৱনৰ বাটত আগবাঢ়ি যোৱাত আৰু তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰেৰণা যোগাব বুলি মত প্ৰকাশ কৰে ।

লগতে কয় যে শাৰীৰিক প্ৰতিবন্ধকতা থাকিলেও যদি প্ৰৱল ইচ্ছাশক্তি থাকে তেতিয়া সকলোৱে আকাশ চুব পাৰিব । সমাজত শাৰীৰিক প্ৰতিবন্ধীসকল কেতিয়াও বাধা নহয় যে সেয়া শ্ৰীকান্ত ছবিখনে প্ৰমাণ কৰি দেখুৱালে বুলি উল্লেখ কৰে দৃষ্টিহীন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । উক্ত ছবিখন সক্ষম আৰু বিশেষভাৱে সক্ষমসকলক উপভোগ কৰিবলৈ আহ্বান জনাই ছাত্ৰ-ছাত্ৰীসকলে ।

লগতে পঢ়ক: Pijush Hazarika On Visually Impaired: দৃষ্টিহীনৰ সমস্য়া শীঘ্ৰে সমাধানৰ আশ্বাস চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.