পাভৈত কৃষি সম্পৰ্কীয় আলোচনা চক্ৰৰ আয়োজন

author img

By

Published : Sep 12, 2022, 10:23 PM IST

Agriculture meeting held at Pabhai

সোমবাৰে বিশ্বনাথৰ পাভৈ গাঁও পঞ্চায়তত আয়োজন কৰা হয় কৃষি সম্পৰ্কীয় এখনি সভা (Agriculture meeting held at Pabhai) ৷ সভাখনত উপস্থিত থাকে পাভৈ অঞ্চলৰ বহু কৃষক ৷

বিশ্বনাথ, ১২ ছেপ্টেম্বৰ : ভাৰত চৰকাৰৰ পানী সংৰক্ষণ আৰু ইয়াৰ ব্যৱস্থাপনাক উচ্চ অগ্ৰাধিকাৰ দিবলৈ সদায়ে প্ৰতিশ্ৰুতিবদ্ধ । সেই অনুসৰি সোমবাৰে বিশ্বনাথৰ পাভৈ গাঁও পঞ্চায়তত আয়োজন কৰা হয় এখনি সজাগতা সভাৰ (Agriculture meeting held at Pabhai) ৷

য’ত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা (Pradhan Mantri Krishi Sinchai Yojana) চমুকৈ PMKSY ৰ জৰিয়তে কৃষকসকলে লাভ কৰিব পৰা লাভালাভৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় । এই সভাত পাভৈ কৃষি চক্ৰৰ অন্তৰ্গত বামুণীপথাৰ, ৰঙামুৰী, মিছামাৰী, চেলাইখাটি, ধূলি আদি অঞ্চলৰ প্ৰায় অৰ্দ্ধ শতাধিক কৃষকে অংশগ্ৰহণ কৰে ।

Agriculture meeting held at Pabhai
PMKSY সন্দৰ্ভত পাভৈত আয়োজিত আলোচনা চক্ৰ

এই কাৰ্যসূচীত পাভৈ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া লয়নময় বৰঠাকুৰ, পাভৈ গাঁও পঞ্চায়তৰ সভাপতি চৰণ নাৰ্জাৰী আৰু বিশ্বনাথ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত থাকে ।

লগতে পঢ়ক : ভাদৰ আচলত ধৰি কঁহুৱাৰ সৈতে আকৌ আহিছে আহিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.