ETV Bharat / state

সুলভ মূল্যৰ বিপণীত কোনে চলালে উপদ্ৰৱ ?

author img

By

Published : Sep 2, 2021, 12:14 PM IST

elephant terror at rangapara
তাৰাজুলি চাহ বাগিছাত বনৰীয়া হাতীৰ উপদ্ৰৱ

সুলভ মূল্যৰ সামগ্ৰী বিচাৰি হুলস্থূল ৰঙাপৰাত ৷ কিন্তু কোনে চলালে এই উপদ্ৰৱ ? স্থানীয় লোকেও দিব নোৱাৰিলে কোনো প্ৰত্য়ুত্তৰ ৷ আচলতে ঘটনা কি ?

ৰঙাপৰা, 2 ছেপ্তেম্বৰ : শোণিতপুৰ জিলাৰ ৰঙাপৰাত নিশা সৃষ্টি হুলস্থূলীয়া পৰিৱেশ ৷ কিয়নো মাজনিশা গজেন্দ্ৰ আহিল ৰাজেন্দ্ৰৰ কাষলৈ ৷ বিশেষ কাৰণবশতঃ নিশা গজেন্দ্ৰ উপস্থিত হ’ল ৰাজেন্দ্ৰৰ সুলভ মূল্যৰ দোকানত ৷

সুলভ মূল্যৰ দোকান বুলি কওঁতে হয়তো আপুনিও নিশ্চয় ধৰিব পাৰিছে ৷ গজেন্দ্ৰ আহিছে ৰাজেন্দ্ৰৰ দোকানৰ সুলভ মূল্যৰ চাউল বিচাৰি ৷ আপুনি চাগে ভাবিছে, কিয় গজেন্দ্ৰই মাজনিশাহে আহিল ৰাজেন্দ্ৰৰ দোকানলৈ !

অ’ ৰ’ব, ৰ’ব ৷ আমি কব’লৈ বিচৰা গজেন্দ্ৰ আন কোনো নহয় ৷ আমি কৈ থকা গজেন্দ্ৰ হৈছে বনৰীয়া হাতীহে ৷ বনৰীয়া হাতীৰ প্ৰসংগ ৰঙাপৰাবাসীৰ বাবে এতিয়া হৈ পৰিছে নিত্য় নৈমিত্তিক বিষয় ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ বিশেষকৈ বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিব লগাত পৰিছে ৰঙাপৰাবাসী ৷ সঘনে বনৰীয়া হাতীয়ে নিদ্ৰাহৰণ কৰিছে ৰাইজৰ ৷

খাদ্যৰ সন্ধানত মঙলবাৰে নিশা এটা বনৰীয়া হাতীয়ে ধ্বংসলীলা চলাই ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত ৷ বন্যহস্তীটোৱে ভাঙি তচনচ কৰে তাৰাজুলি চাহ বাগিচাত থকা ৰাজেন্দ্ৰ দোগ্গাৰৰ সুলভ মূল্যৰ দোকানখন ৷ কেৱল দোকানখনৰ ক্ষতিসাধন কৰাই নহয়, দোকানখনত মজুত থকা সুলভ মূল্যৰ চাউল ভক্ষণ কৰে বন্য হস্তীটোৱে ৷ তাৰপিছতে সেই স্থানৰ পৰা আঁতৰি যায় ৷

ৰঙাপৰাত বন্যহস্তীৰ উপদ্ৰৱ

লগতে পঢ়ক: চামগুৰিত উপদ্ৰৱ ৰোধ কৰিবলৈ সাজু বিক্ৰম আৰু ৰাজুমালা

ইফালে দোকানখনৰ বিধ্বস্ত ৰূপটো প্ৰত্যক্ষ কৰি স্বত্বাধিকাৰী ৰাজেন্দ্ৰ দোগ্গাৰে মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । কাৰণ প্ৰতিবাৰে মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে ৰাজেন্দ্ৰৰ সুলভ মূল্যৰ দোকানখন প্ৰতি মাহত তিনি-চাৰিবাৰকৈ ভাঙি খাদ্য সামগ্ৰী ভক্ষণ কৰি বিস্তৰ ক্ষতি সাধন কৰি আহিছে । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে ৰাজেন্দ্ৰই ৷

উল্লেখ্য যে, বন্যহস্তীৰ সঘন আহ-যাহত অতিষ্ঠ হৈ পৰিছে ৰঙাপৰাবাসী ৷ এইক্ষেত্ৰত আমাৰীবাৰীৰ বনাঞ্চলিক কাৰ্যালয়ৰ লগতে বিভাগীয় কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাজেন্দ্ৰ দোগ্গাৰৰ লগতে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: ৰঙাপৰাত বনৰীয়া হস্তীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.