ETV Bharat / state

বানৰ মাজতে পোৱালি সহ নিমাতিত গজৰাজৰ মুক্ত বিচৰণ

author img

By

Published : Aug 30, 2021, 8:13 PM IST

group-of-wild-elephant-with-an-young-one-raoming-in-nimati-jorhat
বানৰ মাজতে পোৱালি সহ নিমাতিত গজৰাজৰ মুক্ত বিচৰণ

লুইতৰ বাঢ়নী পানীৰ প্ৰকোপত প্ৰাণৰ মমতাত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বনৰীয়া জীৱ-জন্তুৱেও ৷ এনে সময়তে, যোৰহাটৰ নিমাতিত পোৱালি সহ চলিছে গজৰাজৰ মুক্ত বিচৰণ ৷

যোৰহাট, 30 আগষ্ট : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লুইতৰ বাঢ়নী পানীয়ে বুৰাইছে বিস্তৰ অঞ্চল ৷ এই বানৰ প্ৰকোপত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যবাসী ৷ কিন্তু বানৰ প্ৰকোপত কেৱল যে মানুহৰেই লোকচান হৈছে তেনে নহয়, লুইতৰ বাঢ়নী পানীৰ প্ৰকোপত জীৱ-কুলেও প্ৰাণৰ মমতাত তৰা নৰা হেৰুৱাই ইফালৰ পৰা সিফাললৈ নিৰাপদ স্থান বিচাৰি ঢাপলি মেলিছে ৷ এনে সময়তে যোৰহাট জিলাৰ নিমাতিত এতিয়া চলিছে গজৰাজৰ বিচৰণ ৷

জানিব পৰা মতে, মৌচাপৰিৰ পৰা অহা পূৰ্ণ বয়স্কৰ তিনিটা হাতী সহ এটা পোৱালী হাতীয়ে দেওবাৰৰে পৰা অঞ্চলটোৰ বিলত বিচৰণ কৰি ফুৰিছে ৷ অৱশ্যে, এই বিষয়ে ৰাইজে বন-বিভাগক অৱগত কৰাৰ লগে লগেই ঘটনা স্থলীত উপস্থিত হয় বন বিভাগৰ লোক ৷ সম্প্ৰতি বন বিভাগৰ লোকে হাতী কেইটাক নিৰীক্ষণ কৰি থকাৰ লগতে বসতি প্ৰধান অঞ্চললৈ যাতে যাব নোৱাৰে তাৰ বাবে পহৰা দি আছে ৷

পোৱালি সহ নিমাতিত গজৰাজৰ মুক্ত বিচৰণ

আনহাতে এতিয়ালৈকে হাতী কেইটাই অঞ্চলবাসীক লোক সকলক কোনোধৰণে ক্ষতিগ্ৰস্ত কৰা নাই বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ কিন্তু দিনৰ ভাগতে যদি হাতী কেইটা ওলাই নাযায়, তেনেহ’লে নিশাৰ ভাগত জনবসতিপূৰ্ণ অঞ্চলত হাতী কেইটাই ত্ৰাসৰ সৃষ্টি কৰাৰো আশংকা কৰিছে ৰাইজে ৷ বিশেষকৈ পোৱালী হাতীটোৱে মানুহৰ ঘৰলৈ নিমখ খাবলৈ পূৰ্বতেও অহাৰ কথা কৈ শংকা প্ৰকাশ কৰিছে একাংশ ৰাইজে ৷

লগতে পঢ়ক : কাজিৰঙাত বান: Time card ব্যৱস্থাৰে জীৱ-জন্তুৰ মৃত্যু নিয়ন্ত্ৰণৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.